Breaking

ৰাজহুৱা স্থানত জনপ্ৰতিনিধিক সমালোচনা কৰোঁতে শালীনতা চেৰাইছে মুখ্যমন্ত্ৰীয়ে- সংবাদমেলত দেৱব্ৰত শইকীয়া

0 15

নাজিৰাত পৰহি নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াক কেৱল চিঠি লিখি থকা বিধায়ক বুলি তীয্যক মন্তব্য কৰা আৰু বিয়াৰ আগেয়ে পত্নীলৈ চিঠি লিখাৰ প্ৰসংগ টানি আনি তুলুঙা কৰা কাৰ্য্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাজিৰাৰ বিধায়ক তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই । নাজিৰা বৰবৰুৱা পুখুৰী পাৰত অৱস্থিত অস্থায়ী চৰকাৰী বাসগৃহত সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ সমুখত ৰাজ্যৰ বিৰোধী দলপতি জনে কয় যে ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় সমূহতো মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিলে মুখ্যমন্ত্ৰীক লগ পোৱা নাযায় । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ সমস্যা সমূহ দূৰীকৰণ আৰু সমাধানৰ উদ্দেশ্যত তেওঁ মুখ্যমন্ত্ৰী জনলৈ চিঠি লিখি জনাবলৈ বাধ্য । যদি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাম সমূহ কৰি দিয়ে তেন্তে তেওঁ আৰু অধিক চিঠি নিলিখা হ’ব । বিপৰীতে যদি মুখ্যমন্ত্ৰীয়ে কাম কৰি নিদিয়ে জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সমস্যাক জনাবলৈ অধিক চিঠি তেওঁ লিখিবলৈ বাধ্য হ’ ব বুলি দোহাৰে । আনহাতে এজন জনপ্ৰতিনিধিক ৰাজহুৱা স্থানত সমালোচনা কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে ব্যক্তিৰ শালীনতা চেৰাই গৈ বিয়াৰ আগত পত্নীলৈ কিমান চিঠি লিখিছিল বুলি কৰা কটুক্তি স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা বাঞ্চনীয় নে বুলি প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই । সাংবাদিকৰ আগত নিজা অসন্ত্তষ্টি ব্যক্ত কৰি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীজন বিধান সভাৰ সকলো জনপ্ৰতিনিধিৰে মূৰব্বী এজন জনতাৰ প্ৰতি দায়ৱদ্ধ ব্যক্তি বুলি উল্লেখ কৰি এনে বক্তব্যৰ প্ৰতিবাদ জনায়।

আনহাতে চিঠি সমূহত দেৱব্ৰত শইকীয়াই কি লিখে বোলা বক্তব্যৰ বিপৰীতে দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা চিঠিত জনতাৰ কোনবোৰ সমস্যাৰ কথা লিখা হয় সেয়া মুখ্যমন্ত্ৰীয়ে নজৰ নিদিলেও বিৰোধী দলপতি হিচাপে তেওঁৰ কাৰ্য্যালয়ত তাৰ সকলো ৰেকৰ্ড আছে বুলি প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই । চিঠি বিলাকৰ যোগেদি কেৱল সমস্যাই নহয় চৰকাৰৰ ভুল ত্ৰূটী সমূহো দেখুৱাই আহিছে বুলি কৈ দেৱব্ৰত শইকীয়াই ভুল ত্ৰুূটী আঙুলীয়াই নিদিয়াকৈ তেওঁ এজন বিফল জনপ্ৰতিনিধি হ’ব নিবিচাৰে বুলি উল্লেখ কৰে । তথ্য দাঙি ধৰি দেৱব্ৰত শইকীয়াই একাদিক্ৰমে ২০২৩ চনৰ ১ মাৰ্চত মুখ্যমন্ত্ৰীলৈ লিখা শিলসাঁকো বিলৰ উচ্ছেদিত পৰিয়াল সমূহক নিৰ্ব্বাচনৰ পূৰ্বেই ভূমি পট্টন ঘটাই পুনঃ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংস্থাপনৰ ব্যৱস্থাৰ দাবী জনাই লিখা পত্ৰ । ২৯ এপ্ৰিলত পোণপটীয়া নিযুক্তিমূলক পৰীক্ষাত হোৱা খেলিমেলিৰ বিষয়ে আঙুলিয়াই দি নিবনুৱাৰ সংস্থাপনৰ নামত যাতে নিবনুৱাক ধ্বংসৰ পথলৈ ঠেলি দিয়া নহয় তাৰ পৰিত্ৰাণ বিচাৰি । ১৯ মে’ৰ চিঠিত জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ পাচত জোনমণিৰ দায়িত্বত থকা গুৰুত্বপূৰ্ণ অনুসন্ধানৰ নকল সোণ, বিদেশী মুদ্ৰা, নকল মুদ্ৰা আদিৰ প্ৰসংগত দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত পত্ৰ প্ৰেৰণ । সম্প্ৰতি জোনমণি ৰাভাৰ মাতৃয়ে আৰক্ষী বিষয়াৰ মাতৃ হৈয়ো মৃত আৰক্ষী সন্তানৰ ন্যায় বিচাৰ ধনৰ অভাৱত সামৰি থোৱা প্ৰসংগও দাঙি ধৰে।

৩১ জুলাইৰ পত্ৰত মঙ্গলদৈত ৰাষ্ট্ৰীয় বজৰং দলে ৰাজপথত অবৈধভাৱে মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি পদ চালনা কৰা ঘটনাৰ দোষীক কৰায়ত্ব কৰাৰ দাবী । আন আন পত্ৰ সমূহত ক্ৰমে মেডিকেল কলেজৰ ৩৩ খন আসনত বিদেশত থকা লোকৰ সন্তানক নগদ ধনৰ বিপৰীতে নামভৰ্ত্তি প্ৰদান কৰিব বিচৰা অৱস্থাত অসমৰ চাহ বাগিচা, গ্ৰামাঞ্চলৰ যোগ্য ছাত্ৰ-ছাত্ৰীক প্ৰদানৰ ব্যৱস্থা কৰা । অসমলৈ ১৮৩০ চনত অহা চাহ জনজাতিৰ সাংস্কৃতিক উৎসৱ কৰম পূজাত চৰকাৰী বন্ধৰ দাবী । ১৯৭৫ চনত প্ৰতিষ্ঠিত গেলেকী কলেজৰ প্ৰাদেশিকীকৰণ, নাজিৰাত এখন বিজ্ঞান মহাবিদ্যালয় প্ৰতিষ্ঠা, নাজিৰা মহকুমা চিকিৎসালয়ৰ সংবৰ্ধিত অৱস্থাৰ সেৱাৰম্ভ, চ্কিৎসকৰ সংখ্যা বৰ্দ্ধন। নাজিৰা সমষ্টিত হস্ততাঁত, বয়ন, ক্ষুদ্ৰ উদ্যোগ পশুপালন আদিৰ আঁচনিৰে নিবনুৱা সমস্যা লাঘৱ কৰা । যোৰহাটত ভোগদৈ নৈত চলি ৰোৱা চিণ্ডিকেটৰ দৰে নাজিৰাৰ ঔগুৰিজান, লখিমীজানত চলি থকা ধ্বংসাত্মক নৈৰ বুকুত শিল খনন বন্ধ কৰা দাবীবোৰ সেই পত্ৰসমূহত লিখা আছে বুলি কয় বিধায়কে। মুখ্যমন্ত্ৰীয়ে সমূহ চিঠিৰ মাজৰপৰা কেৱল এখনৰ হে উত্তৰ দিবলৈ সক্ষম বুলি উল্লেখ কৰি আৰক্ষী বিভাগৰ অনুকম্পামূলক নিযুক্তিৰ প্ৰসংগৰ এখন চিঠিৰ বৰ্ণনা কৰে বিৰোধী দলপতিজনে। এনেবোৰ নজিৰ লৈ কেৱল বিজেপিৰ নেতাৰ সমষ্টিত কাম কৰি ভাল পোৱা মুখ্যমন্ত্ৰীক এজন বিফল মুখ্যমন্ত্ৰী হিচাপেহে দেখা পোৱা বুলি কয় দেৱব্ৰত শইকীয়াই। গণতান্ত্ৰিক ভাৱাদৰ্শত জনপ্ৰতিনিধিৰ চিঠিক উলাই কৰি গণতন্ত্ৰৰ বিৰুদ্ধেই মুখ্যমন্ত্ৰীয়ে ভাবুকি সৃষ্টি কৰা বুলি কয়।

Leave A Reply