Breaking

কানহাইয়ালালৰ হত্যাকাণ্ডক লৈ ক্ষোভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ক’লে – অসমত যদি এনে ঘটনা সংঘটিত হোৱা হ’লে লগে লগে উত্তৰ দিয়া হ’লহেঁতেন…

0 132

‘কানহাইয়া লালৰ প্ৰাণ অসমত গ’লে ৫ মিনিটত উত্তৰ দিয়া হ’লহেঁতেন’, হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। কানহাইয়ালাল টেইলৰ হত্যাকাণ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষোভ। উদয়পুৰৰ কানহাইয়ালাল টেইলৰ হত্যাকাণ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজস্থান চৰকাৰক কটাক্ষ কৰে। তেওঁ কয় যে যদি অসমত এনেকুৱা এটা ঘটনা ঘটিলহেঁতেন তেন্তে ৫ মিনিটৰ ভিতৰত উত্তৰ পোৱা হ’লহেঁতেন৷ ইমান ডাঙৰ ঘটনা সংঘটিত হোৱাৰ পিছতো গেহলট চৰকাৰৰ প্ৰতিক্ৰিয়া অতি শীতল বুলি মন্তব্য কৰে শৰ্মাই। অসমতো যদি একেধৰণৰ ঘটনা সংঘটিত হ’লহেঁতেন তেন্তে ৫ মিনিটৰ ভিতৰতে তাৎক্ষণিক সঁহাৰি পোৱা গ’লহেঁতেন ৷


বৃহস্পতিবাৰে ৰাজস্থানৰ কোটা জিলাত বিজেপিৰ এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে।

Leave A Reply