Breaking

আজি ‘স্বনিৰ্ভৰ নাৰী’ আঁচনি আৰু হস্ততাঁত বস্ত্ৰৰ ক্ৰয় প্ৰক্ৰিয়াৰ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

0 106

নাৰী সবলীকৰণৰ দিশে আৰু এটা খোজ…আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰদ্বাৰা আয়োজিত অনুষ্ঠানত ‘স্বনিৰ্ভৰ নাৰী’ আঁচনিৰ শুভাৰম্ভ কৰে আৰু হস্ততাঁত বস্ত্ৰৰ ক্ৰয় প্ৰক্ৰিয়াৰ মুকলি কৰে। এই শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী, সাংসদ তথা গণ্য-মান্য লোকসকলৰ সৈতে অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই।

অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘স্বনিৰ্ভৰ নাৰী’ৰ সফল ৰূপায়ণৰ লক্ষ্যৰে ৰাজ্যখনত ১০০টা ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ জৰিয়তে আমাৰ থলুৱা শিপিনীসকল যথেষ্ট উপকৃত হ’ব বুলি দৃঢ় বিশ্বাসী বুলি মন্তব্য কৰে । অনুষ্ঠানত সংশ্লিষ্ট বিষয়াসকল তথা অসমৰ ভিন্ন প্ৰান্তৰ শিপিনীসকলো উপস্থিত থাকে।

Leave A Reply