Breaking

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

0 65

আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ সমাধিস্থল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । বড়ো জনসাধাৰণৰ সামাজিক-সাংস্কৃতিক সবলীকৰণৰ এক অনন্য ব্যক্তিত্ব এই মহান পুৰোধাগৰাকীলৈশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বিশেষ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ অধীনত দতমাৰ ঠুলুঙাফুৰীত ১০ কোটি টকা ব্যয়সাপেক্ষ সমাধিস্থলীৰ আন্তঃগাঁথনি উন্নয়নৰ ভেটি স্থাপন কৰা হৈছে ।

সমাধিস্থলীৰ আন্তঃগাঁথনি উন্নয়ন বডোফাৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমাজ গঠনত বডোফাৰ অপৰিসীম ভূমিকাক সন্মান জনাই অসম চৰকাৰে প্ৰতিবছৰে ৩১ মাৰ্চ তাৰিখে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানত বি টি চি প্ৰধান প্ৰমোদ বড়ো, স্থানীয় বিধায়কসকল, বি টি চিৰ কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে।

Leave A Reply