Breaking

আলফা (স্বাঃ)ৰ দ্বাৰা অপহৃত ONGC-ৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 2,056

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ দ্বাৰা অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নীক সাক্ষাৎ কৰে।তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ উপস্থিতিত মাজুলীৰ আৱৰ্ত ভৱনত ড০ শৰ্মাই শইকীয়াৰ পত্নী আৰু ভায়েকক সাক্ষাৎ কৰে।সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে যে অসম চৰকাৰে অ’ এন জি চিৰ কৰ্মচাৰীজনক উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।ম্যানমাৰৰ সীমান্তৱৰ্তী নাগালেণ্ডত অপহৰণকাৰীসকলৰ সৈতে হোৱা গুলীচালনাৰ পিছত উগ্ৰপন্থীৰ কৱলৰ পৰা আন দুজন অপহৰণকাৰীক সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিছিল যদিও ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব পৰা নাছিল।

Leave A Reply