কমলপুৰসমষ্টিৰ কলাজলত বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্যাত্য সকলৰ বুজ লৈ আশ্ৰয় শিৱিৰ স্থাপনৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে। ভবিষ্যতে কলাজল নদীৰ ওপৰত মথাউৰি নিৰ্মাণ কৰা হব বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা , কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে কমলপুৰ সমষ্টিকে ধৰি জালুকবাৰী সমষ্টিৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে।

