Breaking

বিহালী বনাঞ্চলক লৈ বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 2,066

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহালী  বনাঞ্চলক লৈ বিশেষ পদক্ষেপ৷ বিশ্বনাথ জিলাৰ বিহালী সমষ্টি তথা উত্তৰ অসমৰ অন্যতম এখন সংৰক্ষিত  বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলক অভআৰণ্যৰ মান্যতা দিয়াৰ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিহালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ এম কে যাদবৰ ৷উল্লেখযোগ্য যে বিহালী সংৰক্ষিত বনাঞ্চল খন অভয়াৰণ্য হিচাপে দাবী কৰি আহিছে বিশ্বনাথ- বিহালীৰ বিভিন্ন দল সংগঠনৰ লগতে বিহালীৰ  বেদেতী নেচাৰ্চ বন্যপ্ৰাণে।ইফালে মঙলবাৰে অসম চৰকাৰৰ বন বিভাগৰ মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ এম কে যাদব লগতে বহু কেইজন উচ্চ পৰ্যায়ৰ  বন বিষয়া, উত্তৰ অসমৰ সংমণ্ডৰ বন বিষয়া, বিশ্বনাথ জিলা বন সংমণ্ডল বিষয়া  লগতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত   উপস্থিত হয় বিহালী সংৰক্ষিত বনাঞ্চলত। উপস্থিত হৈ বনাঞ্চল খন পৰিদৰ্শন কৰে বন বিভাগৰ দলটোৰ লগতে বিধায়ক ৰঞ্জিত দত্তই।ইফালে এই দলটোৰ সৈতে উপস্থিত বিহালী বেদেতী নেচাৰ্চ বন্যপ্ৰাণৰ এটা দল। উক্ত দলটোৱে মুখ্য বন্য প্ৰানী অধীক্ষক এম কে যাদবক বিহালী সংৰক্ষিত বনাঞ্চল খন শীঘ্ৰে বনাঞ্চল  অভয়াৰণ্য  দাবী কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ এম কে যাদবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিহালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰৰিবলৈ অহা বুলি জানিবলৈ দিয়ে৷উল্লেখযোগ্য যে ,সমগ্ৰ পৃথিৱীত নথকা  বিৰল প্ৰজাতিৰ উদ্ভিদ উদ্ভাৱনে বিশ্বনাথৰ বিহালী বনাঞ্চল স্বকীয় গৰিমাৰে উজ্বলি উঠিছে বিশ্বত ৷সমগ্ৰ পৃথিৱীত নথকা  বিৰল প্ৰজাতিৰ উদ্ভিদ উদ্ভাৱনে বিশ্বনাথৰ বিহালী বনাঞ্চল স্বকীয় গৰিমাৰে উজ্বলি উঠিছে সমগ্ৰ বিশ্বত। ক্লৰ’ফাইটাম আছামিকাম (Chlorophytum assamicum)  নামৰ উদ্ভিদজোপা পৃথিৱীৰ ভিতৰত কেৱল বিহালী বনাঞ্চলত পায় । বিলুপ্তিৰ পথত থকা   উদ্ভিদ জোপা মাত্ৰ ১৮ জোপাহে বাছি আছে বিহালী বনাঞ্চলত । প্ৰজনন ক্ষমতা বঢ়োৱা এই  ক্লৰ’ফাইটাম আছামিকাম উদ্ভিদজোপা ৰক্ষণাবেক্ষণৰ গুৰু দায়িত্ব চৰকাৰে ল’ব লাগে যদিও দৃষ্টিগোচৰ হোৱনাই চৰকাৰৰ । তদুপৰি বিপদাপন্ন ডেও হাঁহৰ বাসস্থান যি অসমৰ ৰাজ্যিক চৰাই আৰু ফক্সটেইল অৰ্কিড, অসমৰ ৰাজ্যিক ফুল এইখন বিহালী বনাঞ্চলতে পোৱা যায় । জৈৱ-বৈচিত্ৰৰ সম্ভৱনাপূৰ্ণ ভৰাঁলৰূপে চিহ্নিত হৈছে উত্তৰ অসমৰ বিহালী সংৰক্ষিত বনাঞ্চল ৷কিয়নো এই সংৰক্ষিত বনাঞ্চলখন বৰ্তমান পৰ্যবসিত হৈ পৰিছে বিশ্বৰ ভিতৰতে অতি দূৰ্লভ উদ্ভিদৰ উৎপত্তি স্থল ৷শতিকা গৰকা এই বনাঞ্চলত উপলদ্ধ হ’ব ধৰিছে পৃথিৱী ক’তো বিচাৰি নোপোৱা নানান বিধ উদ্ভিদ ৷আৰু এই উদ্ভিদসমূহ উদ্ভাৱন কৰিছে গুৱাহাটী বিশ্ববিদ্যায়ত অধ্যয়নৰত গৱেষণা বিভাগৰ বিশ্বনাথৰ স্থানীয় যুৱক ৰঞ্জিত কাকতি,ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ গৱেষক তথা গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা দীপাংকৰ বৰা আৰু নেচাৰ্ছ বন্যপ্ৰাণৰ পৰীক্ষিত কাফলেৰ গৱেষক দলে ৷ পৃথিৱীত আন ঠাইত নথকা বিশেষ উদ্ভিদ সমূহ ভিতৰত ক্লৰ’ফাইটাম আছামিকাম,যিটো কম উচ্চতাৰ আৰু অতি গুন সম্পন্ন এবিধ সুপুষ্পক উদ্ভিদ ৷তাৰোপৰি বিলুপ্তিৰ পথত থকা বিহালী বনাঞ্চলতে প্ৰথম আৱিস্কৃত ১০টাত কৈয়ো অধিক মহাঔষধ গুন সম্পন্ন এৰিষ্টোলচিয়া আছামিকা,জেলিওলা নুডিফোলিয়া অর্কিড,পেল্লেঅ’লা ছানথাচ মেক্ৰফাইলাভাৰ,১৫০ বছৰ ধৰি সন্ধানহীন হৈ থকা ইষ্ট হিমালায়ন টুপিষ্টা,শতমূল,আৰু বন কমলা উল্লেক্ষনীয় ৷ কিন্তু ইমানখিনি বৃক্ষকুল জৈৱ-বৈচিত্ৰৰ সমল থকা এই সংৰক্ষিত বনাঞ্চল খনক চৰকাৰে এতিয়া আন্তৰিকতাৰে গুৰুদ্বায়িত্ব লোৱাৰ সময় আহি পৰিছে ৷অতি দূৰ্লভ বহু ঔষধি গুণ সম্পন্ন এই উদ্ভিদসমূহক যদি চৰকাৰে এতিয়াই সংৰক্ষিত কৰি নাৰাখে অদূৰ ভৱিষ্যতে অসমে এই বনাঞ্চলৰ লগতে নতুন আৱিস্কৃত হোৱা উদ্ভিদ সমুহ নিচিহ্ন হৈ পৰাতো খাটাং ৷এতিয়া অপেক্ষা কেৱল চৰকাৰৰ সু-দৃষ্টি আৰু সহমৰ্মিতাৰ ৷বিহালী বনাঞ্চলত থকা সমল‌সমূহ হৈছে ৩০০ তকৈও অধিক প্ৰজাতিৰ ফুলৰ উদ্ভিদ, ২৮২ টা চৰাই, ২৭৫ টা পখিলা, ৪০ টা স্তন্যপায়ী প্ৰাণী, ২৩ টা সৰীসৃপ, ১২ টা কাছ আৰু বহুতো জীৱ জন্তু পোৱা যায়। ইয়াত পোৱা দুবিধ উদ্ভিদ, পৃথিৱীৰ কোনো ঠাইত বৰ্তমানলেকে বিচাৰি পোৱা নাই। বিপদাপন্ন ডেও হাঁহৰ বাসস্থান যি অসমৰ ৰাজ্যিক চৰাই, ফক্সটেইল অৰ্কিড, অসমৰ ৰাজ্যিক ফুল ঢেঁকীয়াপতীয়া বাঘ, যি ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী আদিও ইয়াত পোৱা যায়। বহু মেকুৰী জাতীয় বাঘৰ আশ্রয় স্হল আমাৰ ঐতিহ্যবাহী প্ৰাণীৰ বৃহৎ জনসংখ্যাৰ সৈতে এই অৰন্যখন হাতীৰ সংৰক্ষণ স্থল। বিপদাপন্ন টুপি মুৰীয়া বান্দৰ আৰু লাজুকী বান্দৰ ৰ ভাল জনসংখ্যাৰ বাবে জনাজাত।  ইমানখিনি সমল থকাৰ পাছটো যদি এতিয়া সংৰক্ষণ কৰা নহয়, এই অৰণ্য ২০৩০-৩৫ চনত সম্পূৰ্ণৰূপে হেৰাই যাব পাৰে‌ ।পৰিৱেশ খৰাং হৈ পৰিব, শস্যৰ ক্ষতি হ’ব, জলবায়ু পৰিৱৰ্তন হৈ মাৰাত্মক ৰোগে মানুহক আগুৰি ধৰিব।আনহাতে সংকটৰ গৰাহত বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চল ।জৈৱ-বৈচিত্ৰতাৰ ভৰাঁল বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ দাবী বিশ্বনাথবাসীৰ। ১৯১৭ চনতে ঘোষণা কৰা  বিহালী  সংৰক্ষিত বনাঞ্চল হৈছে উত্তৰ অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এটি অৰ্ধ-চিৰসেউজ বনাঞ্চল। মুঠ ভৌগোলিক এলেকা আছিল প্ৰায় ১৪০ বৰ্গ কিলোমিটাৰ, যাৰ ভিতৰত বৰ্তমানে মাত্ৰ ৬০ বৰ্গ  কিলোমিটাৰ মানহে অক্ষত অৱস্থাত আছে । এই অৰণ্যই এটা সময়ত বিশ্বনাথ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গৈছে যিটো বৰ্তমান এচাম মানুহৰ বিভিন্ন পৰিবেশ বিৰোধী কামৰ বাবে হেৰাই গৈছে ৷ পূৱৰ পাক্কে আৰু নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল,  পশ্চিমৰ চিংলিজান, ছয়দুৱাৰ, দুলুং আৰু কাকৈক সংযোগ কৰিছিল। যাৰ ফলত বিপদাপন্ন হাতী আৰু অন্যান্য বন্যপ্ৰাণী সমূহৰ প্ৰব্ৰজনৰ বাবে এক মুকলি পথৰ সৃষ্টি হৈছিল।কিন্তু বৰ্তমান বনাঞ্চলখনলৈ নামি আহিছে চৰম ভাবুকি ৷  অঞ্চলটোৰ এদল গৱেষক তথা নেচাৰ্চ বন্যপ্ৰানৰ সদস্য সকলে এই বনাঞ্চলটো ইতিমধ্যে অন্বেষণ কৰিছে ৷এই গৱেষকসকলে এতিয়ালৈকে প্ৰায় ২৯০ বিধ স্থানীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি,৩৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮০ বিধ চৰাই, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১১ বিধ জেঠী, ১২ বিধ উভচৰ প্ৰাণী, ২৫০ ৰো অধিক পখিলা সংৰক্ষিত অঞ্চলত আছে বুলি সদৰী কৰিছে । প্ৰতিবছৰে কৰা প্ৰতিটো জৰীপৰ অন্তত অধিক নতুন প্ৰজাতি যোগ হৈয়েই আছে। এই প্রাণীসমূহৰ ভিতৰত ৩৬ বিধ প্রজাতিৰ প্রাণীক  বিলুপ্তপ্ৰায় বুলি International Union for Conservation of Nature(IUCN) য়ে চিনাক্ত কৰিছে ৷ গৱেষণা আৰু অন্বেষণমূলক বৈজ্ঞানিক কাৰ্যকলাপত এই অঞ্চলটো কেইবা দশক ধৰি অৱহেলিত হৈ আহিছে ।  শেহতীয়া জৰীপৰ অন্তত তেওঁলোকে বিজ্ঞানৰ পৃথিৱীত তিনিটা নতুন উদ্ভিদ প্ৰজাতিৰ লগতে কেইবাটাও আকৰ্ষণীয় উদ্ভিদ আৰু প্রাণী প্ৰজাতিৰ বৰ্ণনা কৰি অভিলেখৰ সৃষ্টি কৰিছে । এই  সংৰক্ষিত বনাঞ্চলত পোৱা প্রাণীবোৰৰ বহু সংখ্যকেই  বিপদাপন্ন । বিহালী সংৰক্ষিত বনাঞ্চল অসমৰ ৰাজ্যিক পক্ষী  তথা অতি বিৰল দেওঁহাঁহৰো বাসস্থান ।তাৰোপৰি,হাতী ঢেকীয়া পটিয়া,নাহৰ ফুটুকী,লতা-মেকুৰী বাঘ,বন-ৰৌ,টুপী বান্দৰ,লাজুকী বান্দৰ,সৰীসিপ অজগৰ,চকৰী ফেঁটি,মূৰ্গী ফেঁটি…পক্ষীৰ ভিতৰত চাৰি প্ৰজাতিৰ হৰ্ণবিল উল্লেখনীয় ৷ কিন্তু ৬৫০ বিধ দুস্প্ৰাপ্য জীৱকুল, উদ্ভিদকুল  বসতি প্ৰধান সংৰক্ষিত বনাঞ্চল হৈ থকাৰ পাছতো বৰ্তমানেও অভৰায়ণ্যলৈ উন্নীত হোৱা নাই বিহালী বনাঞ্চাল ৷হয়তো চৰকাৰৰ অমনোযোগিতা আৰু স্থানীয় জননেতাৰ মাহী আইৰ দৃষ্টিৰ বাবেই আজিও বিহালী বনাঞ্চল এলাগী হৈ ৰৈছে ৷ কিন্তু জিলাখনৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ দাবী বিহালী বনাঞ্চলক অভয়ৰাণ্য হিচাবে ঘোষণা কৰক ৷কিয়নো সুৰক্ষাকৰ্মী নথকাৰ সুযোগ লৈ বনাঞ্চলৰ পৰা জনানঞ্চলৈ ওলাই অহা হস্তী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি পাব ধৰিছে ৷অন্যহাতে,অৰুণাচলৰ অনধিকাৰ আগ্ৰাসনৰ ফলত বনাঞ্চলখনৰ পৰিসীমা ক্ৰমান্বয়ে সৰু হৈ পৰা পৰিলক্ষিত হৈছে ৷যদিহে চৰকাৰ এতিয়াই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত দুস্প্ৰাপ্য বিৰল জীৱকুল সমূহ বনাঞ্চলৰ পৰা নিঃশেষ হৈ যোৱাটো ধুৰূপ! বিশ্বনাথবাসীৰ এই দাবীক চৰকাৰে কিদৰে গ্ৰহণ কৰে পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব ৷টুপিমুৰীয়া বান্দৰ, শৰপহু, লাজুকী বান্দৰ, নলগাঁহৰি, বাঘ, হাতী ইত্যাদি আৰু বনৰীয়া চৰাইৰ অত্যন্ত সমৃদ্ধ এই বনাঞ্চলখনত পৰ্যটকসকলে এই সকলোবোৰ প্ৰজাতি উপভোগ কৰাৰ লগতে গছগছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ থল আছে। এই বনাঞ্চলতেই পৃথিৱীৰ কতো নোপোৱা ক্ল’ৰ’ফাইটিমা আছামিকাম নামৰ এবিধ সপুস্পক উদ্ভিদ পোৱা গৈছে। তদুপৰি ঔষধি মূল্য বহুত বেছি হোৱা আন  ৬ বিধ উদ্ভিদ অসমত প্ৰথম বাৰৰ বাবে বিহালী বনাঞ্চলৰ পৰা আৱিস্কৃত হৈছে। এই বনাঞ্চলতেই পোৱা যায় বনৰীয়া কমলা, আপুৰুগীয়া ভোলা গছ। কিন্তু বৰ্তমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ বাবে মানুহে হাবি বন ধ্বংস কৰি খেতিপথাৰ মুকলি কৰাৰ বাবে বনাঞ্চলৰ জৈৱবৈচিত্ৰ্যতা বিপন্ন হ’বলৈ ধৰিছে আৰু অবৈধ চিকাৰৰ ফলস্বৰূপে আপুৰুগীয়া গছ আৰু প্ৰাণীৰ সংখ্যা দিনক দিনে কমি গৈ জৈৱ বৈচিত্ৰ্যতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।  গতিকে বিহালী সংৰক্ষিত বনাঞ্চলখনক স্থায়ীভাৱে সংৰক্ষিত কৰাৰ স্বাৰ্থত  অতিসোনকালে বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন হৈছে বিশ্বনাথ জিলাত। ইফালে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বিহালী সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰাৰ বাবে বিধান সভাত বিষয়টো উত্থাপন কৰিব বুলি জানিব পৰা গৈছে ।ৰঙ-বিৰঙৰ জাক জাক  পখিলা ৷ পাতে-পাতে,ফুলে-ফুলে ফুলৰ ৰেণু বিচাৰি বিহ্বল হৈ পৰিছে জীৱনডিঙা যুজত ৷ জাক-জাক আৰু বিধে বিধে পখিলাবোৰে মেলা পাতিছে ৷আপুনি হয়তো ভাবিছে এইয়া কাৰোবাৰ ঘৰৰ ফুলনিৰ মনোৰম দৃশ্য ৷  নহয় ৷ এই মনোমোহা দৃশ্য হৈছে বিহালী সংৰক্ষিত বনাঞ্চলৰ অতিকৈ বিৰল শোভা ৷প্ৰায় তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ পখিলাই শুৱনি কৰি ভৰি আছে এই বিশাল বনাঞ্চল ৷ প্ৰায় এশবছৰৰো  অধিক কাল পূৰ্বে ১৪০ আৰু বৰ্তমানে ৬০ বৰ্গকিলোমিটাৰ বিস্তাৰিত বিহালী সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষিত এই বিহালী বনাঞ্চালত ৯০০ৰো অধিক  বিভিন্ন প্ৰাণীকুল-পক্ষীকুল, সৰিসৃপ আদি কৰি পৃথিৱী বিখ্যাত উদ্ভিদ,  তৰু-তৃণ আৰু বটবৃক্ষলৈকে সকলো উপলব্ধ এই বিহালী বনাঞ্চলত বিশ্বনাথৰ এদল গৱেষকৰ অম্বেষণত ধৰা পৰিছে প্ৰায় তিনিশৰো অধিক পখিলা ৷ ইয়াৰ ভিতৰত গ্ৰীণ ড্ৰেগনটেল,পেৰিছ পিকোক উল্লেখ্যযোগ্য ৷৷

Leave A Reply