Breaking

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তামিলনাডু ভ্ৰমণ কৰি ২০ জুনত সাক্ষাৎ কৰিব ষ্টেলিনক…

0 56

৪ ৰ সাধাৰণ নিৰ্বাচন যিমানেই কাষ চাপি আহিছে, সিমানেই এণ্ট্ৰী বিজেপি মৰ্চা গঠনৰ কুচকাৱাজত তৎপৰতাৰে নামি পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

বিৰোধীৰ মহা সন্মিলন আয়োজনৰ উদ্দেশ্যে প্ৰচেষ্টা চলাই থকা কুমাৰে অহা ২০ জুনত তামিলনাডু ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সাক্ষাৎ কৰিব।

উল্লেখ্য যে, নীতিশ কুমাৰৰ প্ৰচেষ্টাতে পাটনাত অহা ২৩ জুনত অনুষ্ঠিত হ’ব বিৰোধী সংহতি বৈঠক। কেন্দ্ৰত শাসনাধিষ্ঠ শাসকীয় বিজেপিৰ বিৰুদ্ধে সমভাৱাপন্ন বিৰোধী দলসমূহক একত্ৰিত কৰাত নীতিশ কুমাৰৰ এই প্ৰচেষ্টা বিৰোধীৰ সফলতাৰ মাপকাঠী হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply