Breaking

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

0 2,065

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ এটি সঁজাতী দলে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চৰকাৰী কৰ্মচাৰী সকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে এই পেঞ্চন নীতি অনুসৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত নকৰে বুলি অভিযোগ কৰি পুৰণি পেঞ্চন নীতিৰ সা সুবিধা প্রদান কৰিবলৈ দাবী কৰিছে। চৰকাৰী সেৱা আগবঢ়াই অৱসৰকালীন সময়খিনিত নিশ্চয়তা নথকাত কৰ্মচাৰী সকল নিজৰ লগতে পৰিয়ালৰ কথা ভাৱি আতংকিত হোৱাটো বিশেষ লক্ষণীয়। বৃদ্ধাৱস্থাত কোনো শাৰীৰিক সক্ষমতা নথকাৰ পৰিপ্ৰেক্ষিতত নিজৰ অত্যাবশ্যকীয় বস্তু কেইপদো যোগাৰ কৰি লোৱাত অসমৰ্থ হৈ পৰাৰ সম্ভাবনা অধিক। লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি সম্পাদক পূণ্য গোঁহাই দত্ত আৰু দিগন্ত গোঁহাইৰ স্বাক্ষৰিত স্মাৰক পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পেঞ্চন নীতি সংশোধন কৰি হ’লেও কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ মহন, লাহোৱাল আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক পূণ্য গোঁহাই দত্ত, দিগন্ত গোঁহাইৰ লগতে সহ সম্পাদক মৃদুল কলিতা, ৰমানন্দ খনিকৰ, শান্ত কোঁৱৰ, দীপ সিং, জিতুল গগৈৰ লগতে জিলা সাংগঠনিক সম্পাদক সুকুমাৰ ঘোষ স্মাৰক পত্ৰ প্ৰদানত উপস্থিত আছিল।

Leave A Reply