Breaking

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত ৰণশিঙা বজালে অসম জাতীয় পৰিষদে : একাৱন্ন জনীয়া জিলা সমিতি গঠন

0 2,036

 আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বিশাল বাইক ৰেলিৰে ৰাজপথ কঁপালে অসম জাতীয় পৰিষদে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ৰ বসুমতাৰীক লগত লৈ উজনি মাজুলীৰ মাজৰ দেউৰীৰ পৰা মাজুলীৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী পদ্মেশ্বৰ দলে,শীশুধৰ দলেৰ নেতৃত্বত উলিওৱা হয় এক বিশাল বাইক ৰেলি। মাজুলীৰ সোণাৰীআটি নৱজ্যোতি কৃষ্টি সংঘত দলটোৰ  জিলা অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উক্ত অভিৱৰ্তনতেে শিশুধৰ দলেৰ সভাপতি,  হেমন্ত বৰাক সম্পাদক,  ব্ৰজেন ভৰালী, হৰেণ বৰা, সোনাধৰ দলে,  প্ৰদীপ বৰাক উপসভাপতি হিচাপে লৈ যুটীয়া সম্পাদক পাঁচজন সহ মুঠ একাৱন্ন জন সদস্যৰে  শক্তিশালী ৰূপত জিলা সমিতিখন গঠন হয়। চিত্ৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ ওচৰত কয় অসমৰ লগতে মাজুলীবাসী ৰাইজে অসম জাতীয় পৰিষদ দলক আঁকোৱালি লৈছে। কাৰণ চৰম সংকটত ভুগিছে মাজুলীবাসী ৰাইজ বিজেপি চৰকাৰৰ বাবে। মুখ্যমন্ত্ৰী সমষ্টিতে হৈছে চৰম দুৰ্নীতি। মুখ্যমন্ত্ৰী সোঁৱে বাৱে থকা কিছুমান মানুহে কৰিছে এই দূৰ্নীতি।
সাংবাদিকে অখিল গগৈ সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত চিত্ৰ বসুমতাৰীয়ে কয় – অখিল গগৈক বলপূৰ্বক ভাবে কাৰাগাৰত বন্দী কৰি ৰাখিছে। অখিল গগৈত কৈও দাগী মানুহ আছে বিজেপিত । অখিল গগৈয়ে কাৰাগাৰত কটোৱা প্ৰতিটো দিন প্ৰতিটো নিশাৰ মূল্য দিব লাগিব বিজেপি চৰকাৰে।  নিজকে অসমৰ দুই নম্বৰ মন্ত্ৰী বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মা বহু কেলেংকাৰী লগত জড়িত। লগতে তেখেতে কয় যে, অসম জাতীয় দল শাসনলৈ আহিলে কেলেংকাৰী নেতাবোৰে জেলত থাকিব লাগিব ৷ অসম জাতীয় পৰিসদৰ এই অভিৱৰ্তনত বিজেপি,  অগপ,  গনশক্তি,  কংগ্ৰেছ,  প্ৰাক্তন আছু আৰু যুৱছাত্ৰ পৰিষদৰ প্ৰায় ৬৫০ জনে সদস্যই যোগদান কৰে ৷

Leave A Reply