Breaking

শ্বহীদৰ হত্যাকাৰীক জাহাজত উঠাই ল’লে জাহাজ ফুটিবইঃ লুৰীণজ্যোতি গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ

0 16

বৃহস্পতিবাৰে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ দুলীয়াজানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাতৰ ন খঙীয়া খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত অৰুণোদয়, লাখপতি বাইদেউ সকলৰ কথা, আয়ুষ্মান কাৰ্ড, বসুন্ধৰা আঁচনি, আদি বিভিন্ন দিশৰ ওপৰত ভাষণ প্ৰদান কৰে। যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব, যেতিয়ালৈকে অসমত হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী হৈ থাকিব তেতীয়ালৈকে এটাও বাংলাদেশী সোমাবলৈ নিদিওঁ বুলিও মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আগত ঘোষণা কৰে । ইয়াৰ পাছতে সাংবাদিকৰ আগত মুখামুখি হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে বিপুল ভোটত জয়লাভ কৰিব।

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ যি সমস্যা আছে সেই বিষয়ে নিৰ্বাচনৰ পাছতে তেওঁলোকৰ সৈতে আলোচনা কৰিম। কিয়নো বিভিন্ন কাৰণ দেখুৱাই ১ এপ্ৰিলৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহ পাত সংগ্ৰহ কৰা নাছিল কিছু সংখ্যক চাহ কোম্পানীয়ে। সেয়ে মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত ব্যৱস্থ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ক্ষুদ্ৰ চাহ খেতিয়ক সকলে। ইয়াৰ পাছতে এইদৰে আজি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক কিছু সকাহ দিলে মুখ্যমন্ত্ৰীয়ে। লগতে এই সভাতে কয়, জাহাজে যিমানেই এতিয়া কংগ্ৰেছক পিঠিত উঠাওক লাগে জাহাজৰ এতিয়া তলি ফুটিল। শ্বহীদৰ হত্যাকাৰীক জাহাজত উঠাই ল’লে জাহাজ ফুটিবই বুলি লুৰীণজ্যোতি গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। আজি অনুষ্ঠিত টেঙাখাতৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম ও প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালাৰ লগতে বহু সংখ্যক দলীয় কাৰ্যকতা আৰু পাঁচ সহস্ৰাধিক লোক উপস্থিত থাকে।

Leave A Reply