Breaking

ডিব্ৰুগড়ত পুৰণি পেন্সনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

0 1,235

মদাৰখাত, ৯ ডিচেম্বৰ : চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেন্সন ব্যৱস্থা বাতিল কৰি প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতি বিৰোধিতা কৰি পুনৰ পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই সজোৰে চৰকাৰক দাবী জনাই আহিছে। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক পেন্সন ব্যৱস্থাৰে কৰ্মচাৰীসকলৰ অৱসৰ পাছৰ কালছোৱা সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা সমিতিৰ সম্পাদক মনোজ মহন আৰু জিলা সংগঠক সুকুমাৰ ঘোষৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে স্মাৰক পত্ৰখন প্ৰদান কৰে।

Leave A Reply