Breaking

নাজিৰাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু আমোলৰ গাফিলতি ,জীয়াতু ভুগিছে স্থানীয় ৰাইজে

0 35

মন্ত্ৰীযে প্রতিশ্ৰুতি দিয়ে ৰাইজৰ বাবে কিন্তু বিভাগী়য় আমোলাৰ গাফিলতি বাবে মন্ত্ৰীৰ বদনাম হয় I নিৰ্বাচনৰ সময়ত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাজিৰা হুদুপৰা অঞ্চলত এখন দলং দিয়াৰ কথা কৈছিল আৰু কথা দি কথা ৰাখিছিল মূখ্য মন্ত্ৰীয়ে I signature project underat প্ৰদান কৰা হৈছিল উক্ত দলং খন , আৰু উক্ত দলং খনৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ এজন ঠিকাদাৰে । আজিৰ পৰা প্ৰায় দুই বছৰ আগতে আৰম্ভ কৰা মাত্ৰ ১২ মিটাৰ দলং খন সম্পূৰ্ণ নহ’ল ।

যাৰ পৰিণাম ভুগিব লগা হৈছে স্থানীয় ৰাইজে । উক্ত দলংখন বনাব বাবে কাষতে এখন সৰু দলং সাজি দিছিল , যদিও সেইখনো অহা যোৱা কৰাৰ বাবে সুচল হৈ থকা নাই ,ভগা ৰেলিঙৰ ওপৰতে সজা হৈছে দলংখন ,যি কোনো মুহুৰ্তত দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে I নাজিৰা মহকুমাৰ অন্তৰ্গত মেজেঙাৰ হুদোপাৰাত শামুকীয়া গতিত নিৰ্মাণ হৈছে এখন পকী দলং।

গুৱাহাটীৰ জনৈক হৰলালকা নামৰ ঠিকাদাৰ উক্ত দলংখনৰ ঠিকা লাভ কৰে। উক্ত অঞ্চলটোৰ ৰাইজৰ অহা -যোৱা কৰাৰ বাবে নৱ নিৰ্মিত দলংৰ কাষতে এখন অস্থায়ী দলং নিৰ্মাণ কৰা হৈছিল, ভগা দলঙৰ ওপৰতে নিৰ্মাণ কৰা এই দলং খনত যি কোনো মুহুৰ্তত দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে I
নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Leave A Reply