Breaking

মুখ্যমন্ত্ৰীক সাক্ষাৎ “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন”ৰ মুখ্য সংগঠক গৌৰাংগ বৰদলৈৰ

0 2,021

 “সেউজ আমাৰ সপোন” সক্ৰিয় মন্ত্ৰৰে সেউজীয়াৰ সুবাস বিলাই এখন সুন্দৰ পৃথিৱী গঢ়ি তোলাৰ অনাবিল উদ্যমেৰে যুৱ শক্তিৰ বিপুল প্ৰচেষ্টাত প্ৰাণময়তা লাভ কৰা যোৰহাট তথা সমগ্র অসমৰে এক বেচৰকাৰী সামাজিক  অগ্ৰণী সংস্থা “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন” সংস্থাই সময়ে সময়ে কিছু ব্যতিক্রমী পদক্ষেপেৰে সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰি আহিছে।অনাগত সময়বোৰত তেওঁলোকে গ্ৰহণ কৰিবলৈ লোৱা বিভিন্ন পদক্ষেপ ,অসমৰ কেতবোৰ গুৰুত্বপূৰ্ণ পাৰিবেশিক সমস্যাৰ উপস্থাপন সহিতে যোৱা ইংৰাজী  ৩১ আগষ্ট তাৰিখে অসমৰ  মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে এক সৌহাৰ্দ্যমুলক সাক্ষাতত মিলিত হয় “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন” ৰ মুখ্য সংগঠক গৌৰাংগ বৰদলৈ অাৰু কাৰ্যবাহী সদস্য মানসপ্ৰতীম পাটোৱাৰী।উল্লেখযোগ্য যে ,এই সাক্ষাতৰ সময়ছোৱাত সংস্থাৰ তৰফৰ পৰা বিশেষভাৱে মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰা হয়। ইয়াৰ পুৰ্বেও,পৰিবেশ সম্পৰ্কীয় কেতবোৰ সমস্যাৰ উপস্থাপনেৰে ৰাজ্যিক বনমন্ত্ৰীৰে সাক্ষাতত মিলিত হৈছিল গৌৰাংগ বৰদলৈ।সমাজ বিদ্বেষী শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ মানসেৰে গ্রহণ কৰা “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন” ৰ এই পদক্ষেপ সচাঁই আদৰণীয়।

Leave A Reply