Breaking

বিলাসীপাৰালৈ পুনৰ গৌৰৱ কঢ়িয়াইছে শিশু নৃত্য শিল্পী পাহি প্ৰিয়া দেৱীয়ে…

0 48

বিলাসীপাৰালৈ পুনৰ গৌৰৱ কঢ়িয়াইছে শিশু নৃত্য শিল্পী পাহি প্ৰিয়া”ই

অলপতে কামৰূপ জিলাৰ সামাজিক অনুষ্ঠান ছয়গাঁও শিল্পী পৰিষদৰ পৰা বিলাসীপাৰা মহকুমা সদৰ চহৰৰ পুৰণি বজাৰৰ বাসিন্দা পাহি প্ৰিয়া দেৱীয়ে শিশু শিল্পী বঁটাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ধাৰাবাহিক ভাবে শিল্পী পাহি প্ৰিয়াৰ নৃত্য প্ৰদৰ্শন জাকত-জিলিকা হোৱাত অসমৰ বিশিষ্ট সাহিত্যিক গীতালী বৰুৱা,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক মোছলেমউদ্দিন আহমেদ,অনাতাঁৰ তথা দূৰদৰ্শনৰ লোক গীতৰ শিল্পী ভোলানাথ ৰায়,

বিলাসীপাৰা শাখা সাহিত্য সভাৰ সভাপতি সঞ্জীত দাসকে আদি কৰি বহু সংখ্যক দল-সংগঠনে গৌৰৱবোধ কৰি পাহি প্ৰিয়ালৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছে। আগলৈ শিল্পী জনীৰ ভৱিষ্যত নৃত্য শিল্পী জীৱন আৰু অধিক উজ্জ্বল হৈ উঠক তাকেই কামনা কৰা হৈছে।

উল্লেখ্য যে, ৫ নৱেম্বৰ তাৰিখত আৰোহণ আৰ্ষ্টিট গীল্ডৰ উদোগত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱসটোত নৃত্য পৰিৱেশন কৰি পাহি প্ৰিয়া”ই শিশু শিল্পী বঁটাৰে সন্মানিত কৰা হৈছিল।

——————————–

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদক

Leave A Reply