ৰৌতাৰ ঝাড়গাঁৱৰ দোকানৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ মাজবাট শ্ৰমিক পৰিদৰ্শন বিষয়াৰ

ৰাজ্যত দিনে দিনে শিশু ওপৰত নানা ধৰণৰ অপৰাধজনীত ঘটনা সংঘটিত হৈ থকাৰ সময়তে বুধবাৰে ওদালগুৰি জিলাৰ লালপুল আউত পোষ্টৰ অন্তৰ্গত ঝাড়গাঁও চকত এখন দোকানত শিশু শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকাৰ মুহূৰ্তত লালপুল আউত পোষ্ট আৰু ৰৌতা থানাৰ আৰক্ষীৰ সহযোগত মাজবাট শ্ৰমিক পৰিদৰ্শন বিষয়া দীপ্তি ৰাইৰ নেতৃত্বত আবিদুল হকৰ “হক ষ্টুৰ”ৰ পৰা এজন ১৫ বছৰীয়া কিশোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি অস্থায়ী ভাবে শিশু কল্যান সমিতিয়ে কিশোৰ জনক শিশু গৃহত ৰাখে আৰু তদন্ত অব্যাহত ৰাখিছে।আনহাতে উক্ত উদ্ধাৰ অভিযানত সহযোগ কৰে ওদালগুৰি জিলা চাইল্ড লাইনৰ পৰিচালক ললিত বড়ো, সমন্বয়ক বেলিনা দৈমাৰী,সংগঠক অৰূপবড়ো, অনচুলা মোচাহাৰী, শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া লগতে সমাজ সেৱক দিলীপ শৰ্মাই।

Related Articles