Breaking

গ্ৰীষ্মকালত শিশুৰ ডায়েৰিয়াকে ধৰি এই ৫টা সংক্ৰমণৰ আশংকা বৃদ্ধি পায়, ডায়েৰিয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানি লওক…

0 15

গ্ৰীষ্মকালত শিশুসকলক বহুত যত্ন ল’ব লাগে। কাৰণ এই ঋতুত ডায়েৰিয়াকে ধৰি ৫টা সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। সূৰ্যৰ পোহৰ, ঘাম আৰু দূষিত পানী এই সংক্ৰমণৰ প্ৰধান কাৰণ। এনে বতৰত পিতৃ-মাতৃয়ে সন্তানৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি আমি আপোনালোকক এনে ৰোগৰ প্ৰতিৰোধৰ বিষয়ে জনাম-

১/ ডায়েৰিয়া

গ্ৰীষ্মকালত অপৰিষ্কাৰ খাদ্য আৰু পানী গ্ৰহণৰ বাবে শিশুৰ ক্ষেত্ৰত ডায়েৰিয়াৰ সমস্যা সাধাৰণ হৈ পৰে। সঘনাই ডায়েৰিয়া হ’লে শিশুৰ শৰীৰত পানীৰ অভাৱ হ’ব পাৰে, যাৰ ফলত শিশুৰ এই ৰোগ হোৱাৰ সম্ভাৱনা।

লক্ষণ- সঘনাই ঢিলা মল, পেটৰ বিষ, জ্বৰ, বমি হোৱা প্ৰতিৰোধ- শিশুক সদায় বিশুদ্ধ পানী দিব লাগে। বাহিৰত ৰন্ধা খাদ্য দিয়াৰ পৰা বিৰত থাকক। ফল-মূল পৰিৱেশনৰ আগতে ভালদৰে ধুব লাগে।

২/ ডেংগু

মহে কামুৰিলে ডেংগু জ্বৰ বিয়পে। যিহেতু গ্ৰীষ্মকালত মহৰ প্ৰাদুৰ্ভাৱ বেছি, সেয়েহে শিশুক মহৰ পৰা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। লক্ষণ- অধিক জ্বৰ, শৰীৰৰ তীব্ৰ বিষ, গাঁঠিৰ বিষ, বমি প্ৰতিৰোধ- শিশুক সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধাব লাগে। আঁঠুৱা ব্যৱহাৰ কৰক। ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ নিদিব।

৩/ চিকুংগুনিয়া

মহৰ কামোৰৰ জৰিয়তেও চিকুংগুনিয়া জ্বৰ বিয়পে। প্ৰতি বছৰে কেইবা হাজাৰ ৰোগীৰ সংক্ৰমণ ঘটে, য’ত শিশুৰ সংখ্যা সৰ্বাধিক। লক্ষণ- অধিক জ্বৰ, শৰীৰৰ তীব্ৰ বিষ, গাঁঠিৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা প্ৰতিৰোধ- ডেংগু প্ৰতিৰোধৰ ব্যৱস্থাও চিকুনগুনিয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ফলপ্ৰসূ।

৪) হাত, ভৰি আৰু মুখৰ ৰোগ

এইটো এটা ভাইৰাছজনিত সংক্ৰমণ যিটো সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। হাঁচি, কাহ বা দূষিত বস্তু স্পৰ্শ কৰিলে ই বিয়পিব পাৰে। লক্ষণ- হাত, ভৰি আৰু মুখত ফোহা, জ্বৰ, ডিঙিৰ বিষ প্ৰতিৰোধ- শিশুক সঘনাই হাত ধোৱাৰ অভ্যাস কৰক। খেলনা আৰু চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক।

৫/ হিট ষ্ট্ৰ’ক

অত্যন্ত গৰমত শিশুৰ হিট ষ্ট্ৰোক হোৱাৰ আশংকা থাকে। বেছি সময় ৰ’দত খেলা বা ঘৰৰ ভিতৰত বেছি গৰম হোৱাটো ইয়াৰ কাৰণ হ’ব পাৰে। লক্ষণ- অধিক জ্বৰ (কেতিয়াবা নহবও পাৰে), তীব্ৰ মূৰৰ বিষ, মূৰ ঘূৰোৱা, মূৰ্চ্ছা যোৱাৰ লক্ষণ। প্ৰতিৰোধ- শিশুক বাহিৰত দুপৰীয়াৰ গৰম ৰ’দত খেলিবলৈ নিদিব, প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাবলৈ দিব লাগে, ঢিলা আৰু কপাহী কাপোৰ পিন্ধাব লাগে।

Leave A Reply