Breaking

নগাঁৱৰ চিল্ড্রেনছ্ হেভেনত শিশুবন্ধু দুলাল বৰাৰ সৈতে শিশু সকলৰ বিহু উদযাপন…

0 12

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান চিল্ড্রেনছ্ হেভেন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিশুবন্ধু দুলাল বৰা দেৱৰ সৈতে শিশু সকলে উলহ-মালহেৰে ৰঙালীক আদৰিলে। এই অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালক তথা কবি পাপু মজুমদাৰে আত ধৰি কয় যে, ‘ আমি এনে এগৰাকী ব্যক্তিক আমাৰ মাজত আমন্ত্রণ কৰি আনিছো যিজনে শাৰদীয় উৎসৱত শিশু সকলৰ হাতত বন্দুকৰ পৰিৱৰ্তে কিতাপৰ টোপলা উপহাৰ দিয়ে। শিশু সকলক টকা উপাৰ্জনৰ মেচিন হোৱাৰ পূৰ্বে এজন ভাল মানুহ হোৱাৰ পৰামৰ্শ দিয়ে।

তেখেত আমাৰ সকলোৰে প্ৰিয় শিশুবন্ধু দুলাল বৰা।’ উক্ত অনুষ্ঠানটিৰ আৰম্ভণিতে মুখ্য অতিথি দুলাল বৰা দেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনায় সমাজকৰ্মী তথা বিদ্যালয়ৰ এগৰাকী সদস্যা ৰীতা গোঁহাইয়ে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মায়ামণি দেৱীয়ে এটি বিহুগীত পৰিৱেশন কৰাৰ লগতে শিশুবন্ধু গৰাকীয়ে শিশুসকলৰ হাতত এটিকে ৰংমন কমিকচ্ ৰঙালী বিহুৰ উপহাৰ হিচাপে আগবঢ়ায়। অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপা কুন্ডু, সম্পা দাস, টুনু ভাগৱতীকে আদি কৰি ছাত্র ছাত্রী সকলৰ অভিভাবক, অভিভাবিকা সকল উপস্থিত থাকে। শিশুশিল্পী মৃন্ময় গিৰি, আৰু চিন্ময় শইকীয়াৰ ঢোলৰ চাপৰত শিশু সকলৰ বিহু নৃত্যই দৰ্শক সকলক আপ্লুত কৰি তোলে।

Leave A Reply