Breaking

ধুবুৰীৰ চৰাঞ্চলত যৌথভাৱে শিশু দিৱস উৎযাপন…

0 32

শিশুসকলৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভোগদহৰ-৩ মণ্ডল সমলৰ কেন্দ্ৰৰ বিদ্যালয়সমূহে কলাপাকানি চাকাতুন নেছা এম ই মাদ্ৰাছা প্ৰাংগণত যৌথভাৱে শিশু দিৱস পালন কৰে।

২৪৩১ নং ইলশামাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দিবাকৰ শৰ্মাৰ পৰিচালনাৰে কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যোৱাৰ পিছত ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে ক্ৰমে গৌৰীপুৰ শিক্ষাখণ্ডৰ উপপৰিদৰ্শক আব্দুল কালাম আহমেদ আৰু ভোগদহৰ স্থিত সীমান্ত সুৰক্ষা বাহিনী সহ অধিনায়ক সন্দীপ সিঙে। শিশু দিৱস উৎযাপন সমিতিৰ সম্পাদক ফাৰুক আহমেদ আৰু মণ্ডল কেন্দ্ৰ সমন্বয়ক ৰিতুল শইকীয়াৰ পৰিচালানাৰে উপস্থিত বিশিষ্ট অতিথিসকলক ফুলাম গামোচা আৰু সৰুদৈয়া জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

কলাপাকানি চাকাতুন নেছা এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক আবু তাহেৰৰ সভাপতিত্বত অনুষ্ঠিত শিশু দিৱসত বক্তব্য প্ৰদান কৰে ক্ৰমে গৌৰীপুৰ শিক্ষাখণ্ডৰ উপপৰিদৰ্শ আব্দুল কালাম আহমেদ , সহ অধিনায়ক সন্দীপ সিং আৰু ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষকসমাজৰ সভাপতি মোছাৰফ হুছেইনে।উক্ত সভাতে ১২ নৱেম্বৰ আৰু ১৪ নৱেম্বৰত অনুষ্ঠিত খেল আৰু প্ৰতিযোগিতা সমূহত লাভ কৰা বঁ‌টাসমূহ প্ৰদান কৰা হয়।শিশুসকল আমাৰ দেশৰ ভৱিষ্যতৰ নাগৰিক।শিশুসকলৰ বাবে অনুষ্ঠিত কৰা এই শিশু দিৱস পালনৰ দুৰ্বাৰ উদ্যোগক সৰ্বস্তৰৰ ৰাইজে সাধুবাদ দিছে।

Leave A Reply