Breaking

চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…

0 18

কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিছে চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা। এতিয়া পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেন দখলৰ পাং পাতিছে চীনে। কৃত্ৰিম উপগ্ৰহ ছবিত ধৰা পৰিছে চীনৰ সেনাৰ গতিবিধি। উপগ্ৰহৰ ছবিত ধৰা পৰা অনুসৰি চিয়াচেনৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত এটা পথ নিৰ্মাণ কৰি আছে চীনে। ফলস্বৰূপেভাৰতৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ মতে ভাৰতে এই পথনিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা উচিত। ইউৰোপীয় মহাকাশ সংস্থাই শেহতীয়াকৈ উপগ্ৰহৰ ছবি মুকলি কৰিছে। সেই ছবিয়ে দেখুৱাইছে যে চীনে পাকিস্তান অধিকৃত কাশ্মীৰৰ শাকচগাম অঞ্চলত এটা পথ নিৰ্মাণ কৰি আছে। ১৯৬৩ চনত পাকিস্তানে অঞ্চলটো চীনক হস্তান্তৰ কৰিছিল। তেতিয়াৰে পৰা বেইজিঙে সেই ঠাইত এটাৰ পিছত এটা আন্তঃগাঁথনি নিৰ্মাণ কৰি গৈছে। এতিয়া অঞ্চলটো চীনা ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা লগ লগোৱা হ’ব বুলি ধাৰণা কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো পাহাৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ’ব। উপগ্ৰহ ছবিবোৰ যোৱা বছৰৰ জুন আৰু আগষ্ট মাহত তোলা হৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মাৰ্চ মাহৰ পৰা দুবাৰ চিয়াচেন ভ্ৰমণ কৰিছে। এনে সময়তে চিয়াচেনৰ গা ঘঁহাই নিৰ্মাণ কৰা চীনৰ পথটোৰ সন্ধান পোৱা গৈছে। ইয়াৰ পিছতে সেনাৰ লেফটেনেণ্ট ৰাকেশ শৰ্মাই এই বিষয়ত সংশ্লিষ্ট সকলোকে সজাগ কৰি দিছে। তেওঁ ভাৰতীয় সেনাৰ অগ্নি বাহিনীৰ সদস্য আছিল। বাহিনীটো পূৱ লাডাখ, কাৰ্গিল আৰু চিয়াচেন হিমবাহ অঞ্চলত মোতায়েন কৰা হৈছে। ৰাকেশে কয়, “এনেধৰণৰ পথ নিৰ্মাণ সম্পূৰ্ণৰূপে অবৈধ। ভাৰতে চীনৰ ওচৰত এই বিষয়ত কূটনৈতিক প্ৰতিবাদ কৰা উচিত।” চীনে চিয়াচেনৰ ওচৰত কিয় পথ নিৰ্মাণ কৰি আছে? বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই পথটো পাকিস্তানৰ পৰা চীনলৈ ইউৰেনিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ পৰিবহন কৰিবলৈ নিৰ্মাণ কৰা হৈছে। অৱশ্যে, বিশেষজ্ঞসকলে আশংকা কৰিছে যে পাকিস্তান-চীনৰ সৈন্যয়ো এই পথেৰে ভ্ৰমণ কৰিব পাৰে।ফলত ভাৰতৰ নিৰাপত্তাকলৈ প্ৰশ্নৰ উত্থাপন হ’ব। কেইদিনমান আগতে ৰাজনাথ সিঙে চিয়াচেনৰ প্ৰসংগত ‘শত্ৰু’ দেশক সতৰ্ক কৰি দিছিল।

Leave A Reply