অৰুণাচলৰ ৩গৰাকী উশ্বু খেলুৱৈক চীনে নিদিলে ভ্ৰমণৰ অনুমতি। চীনৰ হাংঝৌত অনুষ্ঠিত হ’ব লগা এছিয়ান গেমছৰ পৰা বঞ্চিত খেলুৱৈত্ৰয়।
বঞ্চিত নিয়েমান ৱাংছু, ওনিলু টেগা আৰু মেপুং লামগু। অৱশ্যে তিনিওগৰাকী খেলুৱৈয়ে লাভ কৰিছিল হাংঝৌৰ এছিয়ান গেমছ আয়োজক সমিতিৰ স্বীকৃতি-পত্ৰ।
প্ৰয়োজনীয় প্ৰপত্ৰ ডাউনলোড কৰিবলৈ সক্ষম নহ’ল খেলুৱৈ তিনিগৰাকী। তিনিও খেলুৱৈক বিমানবন্দৰতে এৰি চীনলৈ ৰাওনা হয় দলৰ আন খেলুৱৈসকল।