Breaking

চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…

0 12

সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত দোপত-দোপে আগুৱাই গৈছে। চীন-পাকিস্তানৰ পৰা আহি থকা প্ৰবল প্ৰত্যাহ্বানৰ মাজতে ভাৰতে ১ মে’ৰ দিনা ওড়িশাৰ আব্দুল কালাম দ্বীপৰ পৰা দীৰ্ঘ দূৰত্বৰ চুপাৰছ’নিক মিছাইল টৰ্পেডো (স্মাৰ্ট)ৰ সফল পৰীক্ষণ সম্পন্ন কৰে। নৌসেনাৰ ছাবমেৰিন যুদ্ধত এই মিছাইল বিধ এক মুখ্য অস্ত্ৰ হ’ব। এই মিছাইলে টৰ্পেডোৰ পেলোড হিচাপে কাম কৰিব।


মিছাইলটো ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা বিকশিত কৰা হৈছে। ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা মিছাইলটো সফলতাৰে পৰীক্ষণ কৰা হয়। গোটেই পৰীক্ষণটো ৰাডাৰ, , বিশেষ জাহাজ, ইলেক্ট্ৰ-অপ্টিক টেলিমেট্ৰি প্ৰণালী আদিৰ সহায়ত নিৰীক্ষণ কৰা হয়।

এই পৰীক্ষণৰসময়ত মিছাইলবিধৰ সম্পূৰ্ণ ক্ষমতাৰ কথা প্ৰমাণিত হয়। মিছাইল বিধে শত্ৰুৰ চাবমেৰিন ধ্বংস কৰিব পাৰিব। আশা কৰা হৈছে যে এই মিছাইলে ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি কৰিব। স্মাৰ্ট মিছাইল প্ৰণালীত বহু অত্যাধুনিক উপ-প্ৰণালী আছে। যাৰ ভিতৰত আছে ইলেক্ট্ৰ-মেকানিকেল একচুয়েটৰ প্ৰণালী অন্যতম। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মিছাইলবিধৰ সফল পৰীক্ষণৰ বাবে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক অভিনন্দন জনায়।

Leave A Reply