Breaking

সাৱধান : এইবাৰ আইচক্ৰীমত ক’ভিড-১৯

0 2,041

সমগ্ৰ বিশ্বতেই ইতিমধ্যে আৰম্ভ হৈছে কৰ’ণা ভাইৰাছ ভেকচিনৰ টিকাকৰণ প্ৰক্ৰিয়া। টিকাকৰণৰ সময়তেই সকলোকে শংকিত কৰি পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা।

এইবাৰ আইচক্ৰীমৰ মাজত ওলাল কৰ’ণা ভাইৰাছ। চীনৰ টিয়ানজিন নগৰাঞ্চলত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। এই ঘটনাই চিন্তিত কৰি তুলিছে চীনৰ স্বাস্থ্যকৰ্মীৰ লগতে প্ৰশাসনক। প্ৰায় ৪,৮৩৬টা আইচক্ৰীমৰ বাকচত ধৰা পৰিছে ক’ভিড ১৯। আইচক্ৰীমখিনি টিয়ানজিন ডাকিয়া অ’ডাও ফুড কোম্পানীৰ বুলি জনাইছে প্ৰশাসনে। এই তথ্য পোহৰলৈ অহাৰ পাছৰে পৰা চিন্তিত হৈ পৰিছে চীনৰ সাধাৰণ জনতা।

উল্লেখ্য যে ইতিমধ্যে ২০৮৯টা আইচক্ৰীমৰ বাকচ জব্দ কৰিছে প্ৰশাসনে। কিন্তু ঘটনাৰ পূৰ্বেই ১৮১২টা বাকচ বিভিন্ন অঞ্চললৈ মুকলি কৰি দিয়াৰ লগতে ৯৩৫টা বাকচ স্থানীয় বজাৰলৈও প্ৰেৰণ কৰে কোম্পানীটোৱে। কিন্তু সৌভাগ্যক্ৰমে প্ৰায় ৬৫টা বাকচহে বৰ্তমানলৈকে বিক্ৰী হৈছে বুলি জনাইছে প্ৰশাসনে। আনহাতে ১,৬৬২ গৰাকী কৰ্মচাৰীক কোৱাৰেণ্টাইন তথা ক’ভিড টেষ্টৰ নিৰ্দেশ দিছে প্ৰশাসনে।

Leave A Reply