Breaking

বিদেশতো আছে চীনৰ আৰক্ষী থানা ! সহায়ক ‘সেৱা কেন্দ্ৰ’ৰ নামত বেইজিঙৰ বৰ্ধিত গোলকীয় সম্প্ৰসাৰণবাদৰ ইংগিত…

0 59

সমগ্ৰ দক্ষিণ পূব এছিয়াৰ লগতে বিশ্বৰ আন বহু দেশৰ ওপৰত অহৰহ চকু ৰাখিছে চীনে। চীনে ৬ বছৰতকৈও কম সময়ৰ ভিতৰত প্ৰায় ৩০ খন দেশত ৫০ খনতকৈও অধিক “বিদেশী আৰক্ষী থানা” স্থাপন কৰিছে বুলি জানিব পৰা গৈছে। বেইজিঙে এইক্ষেত্ৰত দাবী কৰে যে “স্বেচ্ছাসেৱক-পৰিচালিত সেৱা কেন্দ্ৰসমূহ” দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ প্ৰচেষ্টা হিচাবেহে গঢ়ি তোলা হৈছে। চীনৰ এনে বিদেশী আৰক্ষী থানাকলৈ বহু দেশৰ নাগৰিকে এইবুলি আশংকা কৰিছে যে চীনে আন দেশৰ ভিন্ন মতাবলম্বীসকলক অনুসৰণকৰি হাৰাশাস্তি কৰিবলৈয়ে এনে থানাসমূহ ব্যৱহাৰ কৰিব বিচাৰিছে।


চীনা চৰকাৰে কৈছে যে বিদেশত চীনা নাগৰিকসকলক প্ৰশাসনীয় সহায়, যেনে নথি নৱীকৰণ, আৰু অনলাইন প্ৰৱঞ্চনাৰ দৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ এনে বিদেশী থানাসমূহ স্থাপন কৰা হৈ
অৱশ্যে, মানৱ অধিকাৰ গোট চেফগাৰ্ড ডিফেণ্ডাৰৰ শেহতীয়া প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে আৰক্ষী থানাবোৰে আন দেশৰ ভিন্নমতাবলম্বী লোকসকলক ভয় খুৱাবলৈ ব্যৱহাৰ কৰা হৈছে।


চীনে ২০১৬ চনত ছয়খন দেশত এনে থানা স্থাপন কৰিছিল। খবৰ অনুসৰি ষ্টেচনসমূহত “স্বেচ্ছাসেৱকসকলে” অপৰাধপীড়িতসকলক সংশ্লিষ্ট দেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত সহায় কৰিছিল। চীনে কিয় বিদেশতো আৰক্ষী থানা স্থাপন কৰিবলগীয়া হৈছে তাৰ সঠিক উত্তৰ অৱশ্যে এতিয়াও কোনেও দিব পৰা নাই।

Leave A Reply