Breaking

আন এক অসমীয়াই দখল কৰিলে আন্ত:ৰাষ্ট্ৰীয় উচ্চ আসন। লণ্ডনৰ ‘লয়ড’ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ল যোৰহাটৰ চিৰন্তন বৰুৱা।

0 100

বিশ্বত উজ্বলি উঠিছে আন এগৰাকী অসম সন্তান৷ লণ্ডনস্থিত প্ৰখ্যাত বেংক তথা ব্যৱসায়ী সংস্থা ‘লয়ড’ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে চিৰন্তন বৰুৱাই৷
অৰ্থনীতিবিদ বৰুৱাৰ নিযুক্তিক লৈ ব্যৱসায়ী সংস্থাটোৱে উত্ফুলল্তি হৈ পৰিছে৷ বহুকেইজন শীৰ্ষস্থানীয় অৰ্থনীতিবিদে বৰুৱাক বিশ্বৰ ফাইনেঞ্চ জগতৰ এক নতুন নক্ষত্ৰ বুলিও আখ্যা দিছে৷ এনে এজন যোগ্য ব্যক্তিক লয়ডৰ বিষয়া হিচাপে নিযুক্তি দিয়াটো পৰম সৌভাগ্যৰ বিষয় বুলি সংস্থাটোৰ বেংকিং গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া চাৰ্লি নানে মত প্ৰকাশ কৰিছে৷
উল্লেখ্য যে বৰুৱাৰ জন্ম হৈছিল যোৰহাটত৷ যোৰহাটৰ তৰুণ ৰাম ফুকন পথৰ সমীপত তেওঁ একালত বাস কৰিছিল৷ যোৰহাটৰ প্ৰাক্তন সাংসদ ৰাজেন্দ্ৰনাথ বৰুৱাৰ নাতি চিৰন্তন বৰুৱাই শিক্ষা গ্ৰহণ কৰিছিল অসমীয়া মাধ্যমত৷ নামৰূপ মডেল স্কুলত তেওঁ স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল৷
অসমীয়া মাধ্যমক লৈ শেহতীয়াকৈ বিতৰ্ক চলি থকাৰ সময়তে বৰুৱাই বিশ্বৰ এটা প্ৰখ্যাত ব্যৱলায়ী সংস্থাৰ শীৰ্ষস্থানীয় পদবী লাভ কৰাটোৱে বিশেষ মহত্ব লাভ কৰিছে৷
ইয়াৰ পূৰ্বেও বৰুৱাই এইছ এচ বি চি নামৰ আন এটা প্ৰখ্যাত সংস্থাত ষ্ট্ৰেটেজী বিভাগৰ গ্ল’বেল হেডৰূপে কৰ্মৰত আছিল৷ এনে এটা সৌভাগ্যৰ মুহূৰ্তত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা অসম সন্তান চিৰন্তন বৰুৱালৈ শুভকামনা জ্ঞাপন কৰা হ’ল৷

Leave A Reply