Breaking

ক্রিষ্টিয়ানো ৰোনাল্ডোক পত্নীয়ে উপহাৰ দিলে এখন দামী গাড়ী । গাড়ীখনৰ দাম জানিলে আচৰিত হ’ব আপুনি…

0 117

বিশ্বকাপ খেলা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে হয়তো বিশ্বকাপ জয়ৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু বৰদিনত তেওঁ সুখ বিচাৰি পাইছে৷ ৰোনাল্ডোৰ প্ৰেয়সীয়ে উপহাৰ দিছে এখন দামী গাড়ী।

বিশ্বকাপৰ হতাশাৰ পিছত বৰদিনত ৰোনাল্ডোৱে যথেষ্ট সুখ লাভ কৰিছে। ৰোনাল্ডোৰ একেবাৰেই কোনো ধাৰণা নাছিল যে কি হ’ব আৰু উপহাৰটো দেখি তেওঁৰ চকুত আনন্দৰ চকুলো ওলাই আহিল।

ৰোনাল্ডোৰ প্ৰেমিকা জৰ্জিনাই ক্ৰয় কৰিছে এখন নতুন ৰ’লছ ৰয়েচ গাড়ী আৰু পৰ্তুগীজ ছুপাৰষ্টাৰগৰাকীৰ বাবে এয়া বৰদিনৰ উপহাৰ। এই গাড়ীখনৰ খৰচ প্ৰায় তিনি কোটি টকা বুলি কোৱা হৈছে।

ৰোনাল্ডো আৰু জৰ্জিনাৰ সম্পৰ্কত দীৰ্ঘদিন ধৰি চলি আহিছে যদিও দুয়োৰে বিবাহ হোৱা নাই। ২০১৭ চনত প্ৰথমবাৰৰ বাবে ৰোনাল্ডোৰ সন্তানৰ মাতৃ হিচাপে পৰিগণিত হয় জৰ্জিনা আৰু তাৰ পিছত ২০২২ চনত যমজ সন্তান জন্ম দিয়ে আৰু তাৰে এজনৰ মৃত্যু হয়।

Leave A Reply