Breaking

চাকৰি প্ৰত্যাশীসকললৈ সুখবৰ; CISFৰ মুঠ ৫৪০ টা পদৰ নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ

0 60

চাকৰি প্ৰত্যাশীসকললৈ বাবে ডাঙৰ খবৰ। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চমুকৈ CISFৰ মুঠ ৫৪০টা পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া কালিৰে পৰা আৰম্ভ হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে আগন্তুক ২৫ অক্টোবৰৰ সন্ধিয়া ৫ বজালৈকে ইয়াৰ অফিচিয়েল ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়াটোত ৪১৮ টা হেড কনিষ্টবল আৰু ১২২টা উপ-পৰিদৰ্শক পদসহ মুঠ ৫৪০টা পদ অন্তৰ্ভুক্ত আছে। আবেদন কৰিবৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলৰ নূন্যতম উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক।

CISF ভাৰতী ২০২২ৰ গুৰুত্বপূৰ্ণ তাৰিখঃ

আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ তাৰিখ– ২৬ ছেপ্তেম্বৰ, ২০২২।

আবেদনৰ অন্তিম তাৰিখ– ২৫ অক্টোবৰ, ২০২২ ৰ সন্ধিয়া ৫ বজালৈ।

CISF ভাৰতী ২০২২ৰ খালী পদৰ বিৱৰণঃ

মুঠ ৫৪০টা পদৰ ভিতৰত ৪১৮টা পদ হেড কনিষ্টবল (মন্ত্ৰালয়- ৩১৯ জন পুৰুষ, ৩৬ গৰাকী মহিলা আৰু ৬৩ জন এলডিচিই) আৰু উপ-পৰিদৰ্শকৰ বাবে ১২২টা পদ (ষ্টেনোগ্ৰাফাৰ- পুৰুষৰ ৯৪, মহিলাৰ ১০ আৰু এলডিচিইৰ ১৮ টা পদ) নিৰ্ধাৰণ কৰা হৈছে।

CISF ভাৰতী ২০২২ৰ শিক্ষাৰ যোগ্যতা আৰু বয়সৰ সীমাঃ

আগ্ৰহী প্ৰাৰ্থীসকলে যিকোনো মান্যতাপ্ৰাপ্ত বৰ্ডৰ অধীনত নূন্যতম উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক৷ CISF ভাৰতীৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ বয়সৰ সীমা ১৮ৰ পৰা ২৫ বছৰলৈ নিৰ্ধাৰণ কৰা হৈছে৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক বয়সৰ ৰেহাই দিয়া হ’ব৷

CISF ভাৰতী ২০২২ৰ বাছনি প্ৰক্ৰিয়াঃ

উপৰোক্ত পদসমূহত নিযুক্তিৰ বাবে আৱেদনকাৰীসকলে প্ৰথমে শাৰীৰিক মানক পৰীক্ষা (PST) প্ৰাপ্ত কৰিব লাগিব আৰু নথিপত্ৰৰ সত্যাপন কৰাব লাগিব। ইয়াৰ পাছত লিখিত পৰীক্ষা, দক্ষতা পৰীক্ষা, টাইপিং পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

CISF ভাৰতী ২০২২ৰ আবেদন মাচুলঃ

আবেদনৰ সময়ত প্ৰাৰ্থীসকলে অনলাইন মোডৰ জৰিয়তে ১০০ টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব।

CISF ভাৰতী ২০২২ৰ আবেদন প্ৰক্ৰিয়াঃ

পদক্ষেপ ১– প্ৰাৰ্থীসকলে CISFৰ অফিচিয়েল ৱেবছাইট cisfrectt.in যাব।

পদক্ষেপ ২– হোমপেজত, ‘LOGIN’ বুটামত ক্লিক কৰিব।
পদক্ষেপ ৩– তাৰ পিছত ‘NEW REGISTRATION বুটামত ক্লিক কৰি তাত থকা প্ৰয়োজনীয় বিৱৰণ প্ৰবিষ্ট কৰিব।

পদক্ষেপ ৪– তাৰ পাছত প্ৰাৰ্থীসকলে তেওঁলোকৰ পঞ্জীয়ন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি LOGIN কৰিব লাগিব।

পদক্ষেপ ৫– প্ৰাসঙ্গিক লিংকত ক্লিক কৰক আৰু প্ৰয়োজনীয় বিৱৰণ প্ৰবিষ্ট কৰিব।

পদক্ষেপ ৬– বিৱৰণবোৰ পুনৰ পৰীক্ষণ কৰিব আৰু পাছত ফটোগ্ৰাফ, স্বাক্ষৰ আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব।

পদক্ষেপ ৭– ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে আবেদন প্ৰ–পত্ৰৰ এটা প্ৰিণ্ট আউট ৰাখিব।

Leave A Reply