Breaking

চাকৰি নিয়মীয়াকৰণ ,নিয়মীয়া দৰমহাৰ দাবীত ৰঙিয়াত পৌৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ…

0 56

সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি ৰঙিয়াত পৌৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । পৌৰ কৰ্মচাৰী সমুহক চৰকাৰৰ আওতাত আনি চাকৰি সমুহ নিয়মীয়া কৰা, অনাদায় হৈ থকা দৰমহা আদায় দিয়া, হৰিজন শ্ৰমিক সকলক উপযুক্ত মৰ্য্যদা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী সমাধান কৰাৰ বাবে পৌৰ কৰ্মচাৰী সকলে এনেদৰে প্ৰতিবাদ কৰে ।

প্ৰতিবাদকাৰী সকলে আজি ৰঙিয়া পৌৰ সভাৰ সন্মুখত অবস্থান কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সব্যস্ত কৰি ৰঙিয়া পৌৰ সভাৰ কাৰ্য্যালয়ৰ কামকাজ অচল কৰি তোলে ।

প্ৰতিবাদী পৌৰ কৰ্মচাৰী সকলে জানিবলৈ দিয়া মতে পৌৰ কৰ্মচাৰী সকলে সমগ্ৰ ৰাজ্যতে স্বচ্ছতাৰে নিজৰ দায়িত্ব পালন কৰি অহাৰ পিচটো ৰাজ্য চৰকাৰে কৰ্মচাৰী সকলৰ দাবী সমুহৰ ওপৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহল।

পৌৰ কৰ্মচাৰী সকলৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ বাবে ইতিমধ্যে সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাই ৰাজ্য চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

ইয়াৰ পিচটো চৰকাৰখনে কৰ্মচাৰী সকলৰ সমস্যা সমধান নকৰাত উপায়ন্তৰ হৈ সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে চাৰিদিনীকৈ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হয় ।

সেইমতে আজি অন্তিম দিনত এনেদৰে ৰঙিয়াটো প্ৰতিবাদ কৰি চৰকাৰক দাবীসমুহ সমাধানৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰী সকলে ।

Leave A Reply