কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী।
‘ধর্মেন্দ্র প্রধানে পদত্যাগ কৰক’।
‘তেওঁৰ শাসনত লাখ লাখ শিক্ষার্থীৰ ভৱিষ্যৎ অন্ধকাৰত’।
‘Cockroach আহিছে, ধর্মেন্দ্র প্রধান যাব লাগিব’।
দিল্লীৰ যন্তৰ-মন্তৰত বৃহৎ প্ৰতিবাদ ক’কৰোছ জনতা পাৰ্টীৰ।
পৰীক্ষাৰ জালিয়াতিৰ প্ৰভাৱ কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহকো প্ৰভাৱিত কৰা বুলি অভিযোগ কৰি ককৰোচ জনতা পাৰ্টিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনায়।
দলৰ এগৰাকী মুখপাত্ৰই প্ৰধানক হয় পদত্যাগ কৰিব নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপসাৰণ কৰিব বুলি আশা প্ৰকাশ কৰি পৰীক্ষা সম্পৰ্কীয় বিষয়সমূহ চম্ভালিবলৈ মন্তব্য কৰে।
প্ৰতিবাদস্থলীত উপস্থিত CJP প্ৰতিষ্ঠাপক অভিজিত দীপক।
প্ৰতিবাদত অংশগ্ৰহণ লাডাখৰ সমাজকৰ্মী সোনম ৱাংছুকৰ।

