Breaking

শিলবৰীৰ ৰামানুজন একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা ল’লে বিদায় ৰাইজৰ পৰা বিচাৰিলে দোৱা-আৰ্শীবাদ…

0 56

দৰং জিলাৰ শিলবৰীৰ এক ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৰামানুজন একাডেমীত বৰ উলহ মালহৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দশম শ্ৰেণীৰ বিদায়ী সভা ও সাংস্কৃতিক অনুষ্ঠান। মঙ্গল বাৰে ৰাতিপুৱা প্ৰায় ১১ বজাত বিদ্যালয় খনৰ প্ৰঙ্গনত অনুষ্ঠিত হয় এক মুকলি সভা যত উপস্থিত থাকি কৌপাটি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ড০ লুটন চৰকাৰ, দলগাওঁ আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বাছিৰ আহমেদ, দলগাওঁ আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ফিলছোফ আহমেদ। প্ৰতি জনেই বিদায়ী ছাত্ৰ-ছাত্ৰী উদ্দেশ্য কৰি বহু মূল্যবান ভাষন প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী সকলে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰিক্ষাত অৱতীৰ্ণ হ’বলৈ কি কি কৌশল অৱলম্বন কৰিব লাগিব,কি কি বিষয়ত সতৰ্ক হ’ব লাগিব, আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনে বিভিন্ন সময়ত মুখামুখি হোৱা বিভিন্ন সমস্যা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে কৰনীয় বিষয় সম্পৰ্কে বিষাদ বাবে আলোচনা কৰে। ছাত্ৰ-ছাত্ৰী সকলেও বিদ্যালয় খনত অতিবাহিত কৰা দিনবোৰৰ কথা সোঁৱৰণী কৰি আবেগিক হৈ পৰে আৰু সভাত উপস্থিত থকা প্ৰতি জনৰ পৰা দোৱা আশিৰ্বাদ বিচাৰে।ভাষন প্ৰসংগত বিদ্যালয় খনৰ অধ্যক্ষ ছাক্লিন মোস্তাকে জনায় যে বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীত অভিভাৱকৰ ব্যাপক অংশ গ্ৰহণে পৰিৱেশ সৌন্দৰ্যময় কৰি তোলে।

বিদ্যালয় খনত নামভৰ্তি কৰা প্ৰতিজন ছাত্ৰ–ছাত্ৰীৰ অভিভাৱক সচেতন।সেই কাৰণে অভিভাৱক সভাৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ প্ৰতিটো কাৰ্যসূচীত প্ৰতিজন অভিভাৱক উপস্থিত থাকে।যাৰ ফলত ছাত্ৰছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণত যথেষ্ট সহায়ক হৈছে। বিদ্যালয়খনে নতুন কৈ দূৰ-দূৰনীৰ ছাত্ৰ বাবে ছাত্ৰ আৱাসৰ ব্যৱস্থা ও কৰিছে।বৃহত্তৰ শিলবৰী অঞ্চলত শিক্ষাৰ দিশত এখোজ আগুৱাই যাব লৈ কেইজন মান স্থানীয় শিক্ষিত যুৱকৰ দ্বাৰা মুকলি হোৱা ৰামানুজন একাডেমী আজি প্ৰায় দুই বছৰত ভৰি দিয়ে আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কষ্টৰ মাজেদি প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। সেই উপলক্ষে সমূহ ৰাইজৰ পৰা দোৱা আশিৰ্বাদ বিচাৰি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে ও আবেগিক হৈ পৰে। বিদ্যালয় খনৰ বিশেষ সভাত উপস্থিত থাকে স্থানীয় বিশিষ্ট গন্য মান্য ব্যক্তি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, বিদ্যালয় খনৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাবিকা উপস্থিত থাকে। মুকলি সভাৰ অন্তত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী দ্বাৰা বিভিন্ন ধৰণৰ নৃত্য পৰিবেশন, স্থানীয় কন্ঠ শিল্পীৰ দ্বাৰা গীত পৰিৱেশন আৰু আগশাৰীৰ কন্ঠ শিল্পী সুমন ৰাজৰ গীতৰ শৰাই য়ে উপস্থিত থকা দৰ্শকক আপ্লুত কৰে।

Leave A Reply