Breaking

ঐতিহ্যমণ্ডিত নাজিৰা নগৰৰ বৰপুখুৰীত চাফাই অভিযান

0 2,244

ইংৰাজৰ আমোলত আসাম কোম্পানীৰ দিনতে নাজিৰা নগৰবাসীৰ খোৱা তথা ব্যৱহৃত পানীৰ সুবিধাৰ বাবে পাৰ বান্ধি খন্দোৱা নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত  “ বৰপুখুৰী  সংৰক্ষণ আৰু উন্নয়ন সমিতি”ৰ উদ্যোগত নাজিৰা পৌৰ প্ৰশাসন আৰু স্হানীয় ৰাইজৰ সহযোগত ২১ নবেম্বৰত এক চাফাই অভিযান চলোৱা হয়৷   উক্ত চাফাই অভিযানত নাজিৰাৰ প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ হাজৰিকা,  নাজিৰা নাট্য সমিতিৰ সম্পাদক প্ৰসেনজিৎ বৰুৱা, যুব সমাজকৰ্মী ৰেকিবুদ্দিন আহমেদ, জেষ্ঠ সাংবাদিক  দিলীপ হাজৰিকা , চৈয়দ খাইৰুল হাচান , যুৱ সমাজসেৱী ৱাচিম আহমেদকে ধৰি বহুতো স্থানীয় লোকে সহযোগিতা আগবঢ়োৱাৰ  লগতে  সকলোৱে “বৰপুখুৰী সংৰক্ষণ আৰু উন্নয়ন সমিতি“ৰ এনে পদক্ষেপৰ শলাগ লয়৷ 

Leave A Reply