১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ ! এবুকু বানপানী ৰাষ্ট্ৰীয় ঘাইপথত, এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত

বিগত কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা জৰাসৰ নৈ বাঢ়নি পানীয়ে শোণিতপুৰ বিশ্বনাথ জিলাৰ বিভিন্ন গাওঁ এতিয়া প্লাৱিত কৰিলে বানপানী পানীয়ে।তাৰ সমান্তৰালকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বালিপৰাৰ এবুকু বানপানী হোৱা ফলত শোণিতপুৰ জিলা প্ৰশাসনে আজি পূৱা পৰা গধুৰ বাহন চলাচল বন্ধ কৰা লগতে গাড়ী চলাচল সীমিত কৰা ঘোষণা কৰিছে।আনহাতে বালিপৰা কেইবাখনো গাওঁ পানী তলত যাৰ ফলত বহু লোক এতিয়া বানপানী মাজত আবদ্ধ হৈ থকাত পূৱা পৰাই বালি পৰা বিভিন্ন স্থানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে NDRF. এটা ১৮ জনীয়া দলে এই বানপানী ফলত বিশেষকৈ শোণিতপুৰ জিলা চতিয়া সমষ্টিৰ আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দীঘলী বালিজান, উদমাৰী গাওঁ, ঢেকেৰী গাও, এৰাগাওঁ আদি কেইবাখনো গাঁৱৰ কেইবা সহস্পাধিক লোক আৱদ্ধ হৈ পৰিছে বানপানীত৷

আনহাতে জিলা প্ৰশাসনে এই লোক সলক উদ্ধাৰ অভিযান চলাই থকা ও দেখা গৈছে। আনহাতে বানপানী ফলত বালিপৰা বহু অঞ্চলৰ চৰকাৰী কাৰ্যালয় বিদ্যালয় সমূহ এতিয়া বন্ধ হৈ পৰিছে।

Related Articles