Breaking

অম্লান বৰগোহাঁইক মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা….

0 110

পুৰুষৰ ২০০মি: দৌৰত নতুন অভিলেখ গঢ়ি এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অম্লান বৰগোঁহাইৰ উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে । অহা সপ্তাহত তেওঁক ইউৰোপলৈ প্ৰেৰণ কৰিব ৰিলায়েন্স ফাউণ্ডেচন ওডিষা এথলেটিকছ হাই পাৰৰ্ফৰমেঞ্চ চেণ্টাৰে । ২০০ মি: দৌৰত দেশৰ নতুন চাঞ্চল্য অম্লানে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ।

এই সম্পৰ্কত টুইট যোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে , “চলিত বছৰৰ শেষৰ ফালে চীনৰ হাংঝাওত হ’বলগা এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অম্লান বৰগোহাঁইক লগ পাই সুখী হলো । তেওঁ কেৰালাত অনুষ্ঠিত ২০২২ বৰ্ষৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছৰ পুৰুষৰ ২০০ মি: দৌৰত এক নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে । তেওঁৰ সকলো ধৰণৰ ভৱিষ্যত প্ৰয়াসৰ সাফল্য কামনা কৰিলো ।” ২৩ বছৰীয়া অম্লানে ফেডাৰেচন কাপত পুৰুষৰ ২০০ মি: শাখাত এছিয়ান গেমছলৈ যোগ্যতা নিৰ্ণয়ৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰচনে ধার্য কৰি দিয়া যোগ্যতা নিৰ্ণায়ক সময় অতিক্ৰম কৰে ।

যোগ্যতা নিৰ্ণায়ক সময় ধাৰ্য কৰা হৈছিল ২০.৬০ ছেকেণ্ড আৰু পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ আছিল ২০.৬৩ ছেকেণ্ড । কিন্তু অম্লানে ২০.৫২ ছেকেণ্ডেৰে দুয়োটা সময়কে অতিক্ৰম কৰিলে । ৰিলায়েন্স ফাউণ্ডেচন ওডিষা এথলেটিকছ হাই পাৰ্ফৰমেঞ্চ চেণ্টাৰৰ এই খেলুৱৈগৰাকীৰ প্ৰদৰ্শনে সকলোকে চমকিত কৰিছে । ২০২০ ৰ এপ্ৰিলৰ পৰা অম্লান জেমছ হিলিয়াৰৰ অধীনত উক্ত কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ৰিলায়েন্স ফাউণ্ডেচনে অম্লানক ২০১৭ চনতে চিহ্নিত কৰিছিল । সেইবাৰ তেওঁক ৰিলায়েন্স ফাউণ্ডেচন য়ুথ স্পৰ্টছ ( আৰ এফ ৱাই এছ ) এলীট কেম্পলৈ আমন্ত্ৰণ জনোৱা হৈছিল ।

২০১৮ ৰ আৰ এফ ৱাই এছৰ ৰাষ্ট্ৰীয় ফাইনেলত তেওঁ ১০০ মি: দৌৰত ১০.৮৪ ছেকেণ্ড আৰু ২০০ মি: দৌৰত ২২.০৬ ছেকেণ্ডত অতিক্ৰম কৰিছিল । মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰৰ তদাৰকত অম্লানে ইউৰোপত উন্নত মানৰ দৌৰবিদৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে কিছু প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব উদীয়মান খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে মুখ্যমন্ত্ৰীডঃ হিমন্ত বিশ্ব শৰ্মাই

Leave A Reply