Breaking

শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ; সাময়িক ভাৱে বন্ধ ৰখা হ’ব শিলসাঁকোৰ উচ্ছেদ

0 97

বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ লগত এখন বৈঠকত মিলিত হৈ শিলসাঁকোত চলি থকা উচ্ছেদ অভিযানৰ পৰ্যালোচনা কৰে৷

এই পৰ্যালোচনাৰ অন্তত সদ্যহতে উচ্ছেদ অভিযান বন্ধ ৰখাৰ বাবে নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

তদুপৰি শিলসাঁকোত থকা জিঞ্জাৰ হোটেলৰ ভূমি অধিগ্ৰহণৰ কাম অধিক ক্ষিপ্ৰতৰ কৰাৰ লগতে উক্ত স্থানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিবলৈ কামৰূপ (মহানগৰ) জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰে৷

লগতে এই উচ্ছেদ অভিযানত যিসকল লোক উচ্ছেদিত হৈছে তেনে লোকৰ সঠিক পৰীক্ষণৰ অন্তত পুনঃসংস্থাপনৰ পেকেজৰ ধন শীঘ্ৰে মোকোলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰে৷

Leave A Reply