Breaking

মাডাৰ্ছ অ’ল্ড এজ হােমত সৃষ্টি হােৱা বেমেজালিৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

0 2,050

গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বৃদ্ধাৱাসখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক মনােমালিন্যৰ বাবে তাত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হােৱা অসুবিধাৰ বিষয়টো বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্রচাৰিত হৈছে।

ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দায়বদ্ধ। সেয়েহে এই স্পর্শকাতৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক নির্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘মাডাৰ্ছ অল্ড এজ হােম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবেও সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগক নিৰ্দেশ প্রদান কৰিছে।

Leave A Reply