Breaking

ৰায়মনা নেশ্যনাল পাৰ্ক নিৰ্মাণৰ ঘোষণা মূখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰঃ উৎফল্লিত গোসাইগাঁওবাসী

0 515

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি  গোটেই বিশ্বৰ লগতে  আজি গোসাইগাঁও মহকুমাৰ বিভিন্ন ঠাইত অনুষ্ঠান – প্ৰতিষ্ঠান,প্ৰশাসন যন্ত্ৰকে  ধৰি বিভিন্ন জনে বিভিন্ন প্ৰকাৰে  বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ সেই উপলক্ষে আজি কচুগাঁও বনসংমণ্ডলৰ কচুগাঁও চেণ্ট্ৰেল ৰেঞ্জৰ উদ্দোগত ভাৰত-ভূটান সীমান্ত এলেকাৰ নবীন নগৰত চেণ্ট্ৰেল ৰেঞ্জৰ  ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰ নেতৃত্বত আৰু বন কৰ্মী সকলৰ সহযোগত ৫০০ গছপুলি ৰোপন কৰি তালুকদাৰে কয়’এটি গছ এটি প্ৰাণ জীয়াই থাকিব লাগিলে গছ ৰোপণ কৰক ৷ এই মূলমন্ত্ৰৰ বানীৰে অঞ্চলটো সেউজ – শ্যামলা কৰি তোলাৰ বাবে  পাঁচ শ বিভিন্ন প্ৰজাতিৰ বাবে গছ পুলি ৰোপণ কৰে ৷ৰায়মোনা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ সঞ্জয় মছাহাৰীৰ নেতৃত্বত আৰু বনকৰ্মী সকলৰ সহযোগত ৩০০ তিনিশ গছপুলি ৰোপন কৰে।বড়বাদা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ শাহানুৰ আলম শ্বেখৰ নেতৃত্বত আৰু বনকৰ্মী সকলৰ সহযোগত অসম -বংগসীমান্তবৰ্তী এলেকাৰ  ফাইলাগুৰীত  বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ ৫০০ গছপুলি  ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত  বিভিন্ন প্ৰজাতিৰ গছ পুলি বিতৰণ  কৰে  লগতে কভি’ড সংক্ৰান্তীয় সজাগতাৰ বাবে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে ৷ ফাইলাগুৰীত এখন ফৰেষ্ট কেম্পৰ দ্বাৰ মুকলি কৰে ৷বড়বাদা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ শাহানুৰ আলমে কয় যে  বনধ্বংসই আমাৰ মানৱ জাতিক সংকটময় অৱস্থাত লৈ যাব সেয়ে ধুৰূপ ৷গতিকে বিশ্ব তথা দেশৰ পৰিস্থিতিৰ পিনে দৃষ্টি দি প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাত সকলোৱে যত্ন পৰ হব লাগিব ৷তেতিয়াহে জীয়াই থকাৰ যি সমল অক্সিজেন সেয়া কেতিয়াও নাটনি নহব আৰু মানৱ জাতি সংকটত নপৰিব ৷ বিশ্ব পৰিৱেশ দিৱসত গ্ৰাহামপুৰ সমবায় সমিতিৰ সভাপতি সভাপতি সঞ্জয় মাৰাণ্ডীয়ে অংশ গ্ৰহণ কৰি কয় যে বনজ সম্পদ ৰক্ষা কৰাৰ বাবে সকলোৱে দায়বদ্ধ হব লাগিব ৷অকল গছ পুলি ৰোপণ কৰিলে নহব  যত্ন সহকাৰে ডাঙৰ দীঘল কৰি বট বৃক্ষৰ ৰূপ দিব পাৰিলেহে বিশ্ব পৰিৱেশৰ দিনটোৰ স্বাৰ্থকতাৰ প্ৰতিচ্ছবিৰ বাস্তৱতা দেখা পাম ৷তেলিপাৰাস্হিত গোসাইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন প্ৰজাতিৰ  ২০০ গছ পুলি ৰোপণ কৰে ৷গছ পুলি ৰোপণ কৰাৰ অন্তত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মূখ্য বৈজ্ঞানিক সুনিল পালে কয় যে  প্ৰকৃতিৰ ওপৰত  জীৱ শ্ৰেষ্ঠ মানৱৰ সীমাহীন  নিৰ্যাতনৰ ফলত সৃষ্টি হোৱা গোলকীয় উষ্ণতা ,বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ ভাৰসাম্যহীন প্ৰাকৃতিক পৰিৱেশ আদি উপলব্ধি কৰি গছ গছনি ৰক্ষাৰ স্বাৰ্থত সকলো শ্ৰেণীৰ লোকে মনোযোগ দিব লাগে আৰু গছ ৰোপণৰ প্ৰতিযোগিতা চলাই যত্ন সহকাৰে ডাঙৰ দীঘল কৰি তোলাৰ মনোবৃত্তি গঢ়ি তুলিব লাগে ৷গছ গছনি ধ্বংস কৰাৰ মনোবৃত্তি সমূলি পৰিত্যাগ কৰাৰ বাবে সকলোকে আহ্বান জনায় ৷কচুগাঁও চেণ্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জাৰ কয় যে আজি এই বিশ্ব পৰিৱেশৰ দিনা অসমৰ মূখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  কচুগাঁও বনসংমণ্ডলৰ অধীনস্হ ৰায়মনাত নেশ্যনল পাৰ্ক নিৰ্মাণ কৰা কথা ঘোষণা কৰাত মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে লগতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ,বি টি আৰ চীফ প্ৰমোদ বড়ো ,বি টি আৰৰ বন বিভাগৰ ই এম ৰনজিত বসুমাতাৰীক ধন্যবাদ জ্ঞাপন কৰে ৷নেশ্যনাল পাৰ্ক নিৰ্মাণৰ  ঘোষণাৰ খবৰ লাভ কৰি গোসাইগাঁও বাসী ৰাইজ উৎফল্লিত হৈ পৰিছে ৷

Leave A Reply