Breaking

গায়ত্ৰী মহন্তৰ বৰগীতৰ দৃশ্য-শ্ৰব্য উন্মোচন কৰিলে মুখ্যমন্ত্রীয়ে

0 32

শ্ৰী কৃষ্ণৰ ৰাসলীলা দৰ্শনৰ লগতে নিৰ্মীয়মান বিভিন্ন চৰকাৰী প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’বলৈ ১৮ নবেম্বৰত সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড়’ হিমন্ত বিশ্ব শৰ্মাই ৰাসৰ প্ৰথম নিশা কেইবাখনো সত্ৰৰ ৰাস উৎসৱত উপস্থিত থাকে।

মুখ্যমন্ত্রীগৰাকীয়ে ১৮ নবেম্বৰত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস মহোৎসৱ উপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশ লৈ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি বৰগীতৰ দৃশ্য-শ্ৰব্য উন্মোচন কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ সৈতে ড’ শৰ্মাই উন্মোচন কৰা ‘দয়াৰ ঠাকুৰ’ শীৰ্ষক বৰগীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই।

বৰগীতটিৰ দৃশ্যাংশত নৃত্য তথা অভিনয় কৰিছে গায়ত্ৰী মহন্ত, সত্ৰীয়া নৃত্য বিশাৰদ ৰামকৃষ্ণ তালুকদাৰ আৰু সংগীবৃন্দই। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী ৰত্ন বটাঁ  আৰু পদ্মশ্ৰী  প্ৰাপক নব্বৈ ঊৰ্ধ নৃত্যাচাৰ্য যতীন গোস্বামীয়েও নৃত্যাংশত বিশেষ এভূমুকি মাৰিছে। প্ৰকল্পটোৰ সংগীত বিদ্যাসাগৰৰ আৰু ক’ৰিঅ’গ্ৰাফ পংকজ ইংতিৰ। নৃত্য উপদেষ্টা ৰামকৃষ্ণ তালুকদাৰ আৰু গুণাকৰ দেৱগোস্বামীৰ । কেমেৰাত প্ৰদীপ দৈমাৰী, কলা নিৰ্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্য, ৰূপসজ্জাত অভিজিৎ ভূঞা, শব্দযন্ত্ৰী জিণ্টু বৰদলৈ আৰু সম্পাদনা অসীম শৰ্মাৰ।

এগৰাকী অভিনেত্ৰী ৰূপে ইতিমধ্যে ৰাইজৰ আদৰ লভা গায়ত্ৰী মহন্তৰ সংগীত জগতত  কণ্ঠশিল্পীৰূপে এয়া প্ৰথম পদক্ষেপ। শৈশৱৰে পৰা লোকনৃত্য-গীত তথা সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত গায়ত্ৰী মহন্তই ‘ব্ৰহ্মা ক্ৰিয়েচন’ নামেৰে  নিজে প্ৰযোজনা কৰা ‘দয়াৰ ঠাকুৰ’ বৰগীতটি বৰ্তমান ধ্বনি ৰেকৰ্ডচৰ ইউটিউব চেনেলত উপলব্ধ।

Leave A Reply