Breaking

সন্মিলিত গণশক্তি অসমৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 125

অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত ২০০৫ চনত জন্ম লাভ কৰা আঞ্চলিক দল সন্মিলিত গণশক্তি অসমৰ  ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস  দেৰগাঁও বিধানসভা সমষ্টিৰ খৰিয়ামাৰীৰ শুকুৰবৰীয়া বজাৰৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পবৃষ্টি কৰি শ্বহীদ সকলক প্ৰণাম জনাই সন্মিলিত গণশক্তি অসমৰ দলীয় কৰ্মকতাই । 

জেষ্ঠ ব্যক্তি নগেন পেগুৱে সভাপতিত্ব কৰা প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটিত ঢেকৰগড়া ব্লক সমিতিৰ সম্পাদক গণেশ্বৰ দাৱে উদ্দেশ্য ব্যাখ্যাত  সন্মিলিত গণশক্তি অসমৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰাৰ লগতে জীৱন জীৱিকাৰ সম্পৰ্কে অৱগত কৰে । সভাত উপস্থিত থকা MMK ৰ যোৰহাট জিলাৰ সমিতিৰ উপ সভাপতি অতুল মিছঙে সাংগঠনিক ভেঁটিৰ লগতে জীৱন জীৱিকাৰ সম্পৰ্কে বিস্তাৰিতভাৱে মন্তব্য আগবঢ়ায় ।

সন্মিলিত গণশক্তি অসমৰ ব্লক সমিতিৰ উপদেষ্টা দিব্যজ্যোতি দলেৰ লগতে আঞ্চলিক সমিতি সভাপতি-সম্পাদকে ভাষণ প্ৰদান কৰে । লগতে উত্তৰ পশ্চিম যোৰহাটৰ হৈ দুৰ্নীতিৰ দৰ্পণ কাকতত সাংবাদিকতা কৰা যুৱ সাংবাদিক কনমইনা দাসেও অংশগ্ৰহণ কৰি অঞ্চলৰ বিভিন্ন দিশৰ সমস্যাৰাজিৰ সম্পৰ্কে মন্তব্য আগবঢ়ায় ।

Leave A Reply