Breaking

বহিৰাজ্যৰ পৰা সোমাল ৩৫৯৭ জন। বাহিৰৰ পৰা অহা সকলো যাব লাগিব কোৱাৰেন্টাইনত। নতুন প্ৰত্যাহ্বানলৈ সাজু হওকঃহিমন্তবিশ্ব

0 79

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

অসমলৈ ঘূৰি আহিলে সকলো থাকিব লাগিব কোৱাৰেন্টাইনত।কোনেও মধ্যবিত্তীয় মানসিকতাৰে চলিব নোৱাৰিব।ঘৰত বা ফ্লেটত থাকিলেও এই নীতি পালন কৰিবই লাগিব।আজি সংবাদমেলৰ জৰিয়তে এইকথা সদৰী কৰে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।তেওঁ কয় যে অসমত এতিয়ালৈ ৩৫৯৭ জন প্ৰবেশ কৰিছে।শ্ৰীৰামপুৰ গেইটৰে ৩২৫৮ আৰু বক্সিৰহাটৰ গেইটৰে ৩৪২ জন সোমাইছে।আজিৰে পৰা দিল্লী-ডিব্ৰুগড় ৰেইল চলিছে যদিও অহা এসপ্তাহলৈ এইদৰে ৰেইল চলিব।এতিয়াৰপৰা প্ৰতি সমষ্টিত বিধায়ক-বিডিঅ’, চক্ৰবিষয়া আদিৰ জৰিয়তে এখন সমতিয়ে সিদ্ধান্ত ল’ব কোৱাৰেন্টাইনৰ।ৰাজ্যত ২৫০০ টা কোৱাৰেন্টাইন চেন্টাৰ সাজু কৰা হৈছে।স্থানীয় স্কুল,কলেজ, অংগনবাড়ী কেন্দ্ৰআদিত স্থাপন কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰ। আজিৰ তাৰিখত ৰাজ্যত ৭৭৮২ জনৰ দেহত জ্বৰ আছে।কাইলৈৰ পৰা মুম্বাই-চেন্নাই আদিৰ পৰাও ৰেইল আহিব।গতিকে ৰাজ্যবাসীয়ে নতুন যুজঁলৈ সাজু হ’বলৈ আহ্বান জনাইছে মন্ত্ৰীজনে।

Leave A Reply