গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য-সম্বৰ্ধনা… 

ধেমাজি জিলাৰ গোগামুখৰ মহিলা শিক্ষাৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক শিক্ষানুষ্ঠান গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে তেওঁলোকৰ প্ৰশংসনীয় পদক্ষেপ  অব্যাহত ৰাখিছে ৷ বিদ্যালয়খনৰ শিক্ষক গোটৰ মানৱ দৰদী  কৰ্মসূচীৰ অংশ হিচাপে শিক্ষক গোটৰ নিজা  পূঁজিৰে শুকুৰবাৰে বিদ্যালয়খনৰ পৰা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে আৰু প্ৰীতি ভোজৰো আয়োজন কৰা হয় ৷ ধেমাজি জিলাৰ ভিতৰতে অন্যতম শৃংখলাবদ্ধ তথা উন্নত শিক্ষানুষ্ঠান হিচাপে পৰিগণিত গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ  মুঠ ১২ গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগ, ৪৪ গৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু ১৯ গৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হয় ৷

ইয়াৰে পল্লৱী কলিতা ডিষ্টিংচন,  ভাগ্যশ্ৰী ৰাভা, ছোনীয়া পাদি, জয়জ্যোতি দলে, মিক্‌ছেং মিলি, পল্লৱী শইকীয়া, পাপৰি শইকীয়া,  প্ৰীতি পেগু, ৰিম্পি শইকীয়া,  চুমি বৰুৱা আৰু ভায়লীনা ৰাভাই কেবাখনো বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হয় ৷ অতি আনন্দৰ বিষয় যে, ডিষ্টিংচন, লেটাৰ মাৰ্ক পোৱা ছাত্ৰীসকলৰ ভিতৰত ৮ গৰাকীয়ে অসমীয়া বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে ৷ গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা এক আৰম্ভৰপূৰ্ণ অনুষ্ঠানত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখনীয় যে, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰীসকলক প্ৰতি বছৰে আৰ্থিক সাহায্য দি অহাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে ৷ ইয়াৰ সমান্তৰালভাৱে ছাত্ৰীসকলৰ বাবে প্ৰীতি ভোজৰো আয়োজন কৰি আহিছে ৷ আজিৰ সভাখনত সভাপতিত্ব কৰে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শৰ্মাই ৷ আঁত ধৰে বিদ্যালয়খনৰ সহ শিক্ষক নন্দেশ্বৰ কামানে ৷ সভাখনত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে ৷

Related Articles