Breaking

গোগামুখ কাৰপুনপুলি গাঁৱৰ প্ৰশংসনীয় পদক্ষেপঃ বিহু মাৰি পোৱা টকাৰে নিৰ্মাণ কৰিলে পথ

0 92

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ চৌদিশে উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই তালফাল কৰি আছে যদিও অসমৰ প্ৰকৃত উন্নয়ন যে হোৱা নাই তাক অসমৰ পথ-দলঙৰ দুৰৱস্থাই প্ৰমাণ কৰি দিছে৷ কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা, মন্ত্ৰী-বিধায়ক আৰু বিজেপি নেতা-পালিনেতা সকলৰ মুখতে যে উন্নয়নৰ বাৰ্তাবোৰ লাগি আছে তাক আৰু সাধাৰণ জনতাক বুজোৱাৰ প্ৰয়োজন নাই ৷

বিশেষকৈ ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ পথ-দলঙৰ অৱস্থা সম্প্ৰতি শোচনীয়৷ জিলাখনৰ বিভিন্ন স্থানত এতিয়াও ৰাইজে গাঁঠিৰ ধন ভাঙি পথ-দলং নিৰ্মাণ কৰিব লগা হৈ আছে ৷ জিলাখনৰ অন্যতম ব্যস্ত বাণিজ্যিক নগৰখন গোগামুখ নগৰ অন্তহীন সমস্যাই বাতৰিৰ শিৰোনামা দখল কৰি থকাৰ সময়তে নগৰখনৰ পৰা এক কিলোমিটাৰ নিলগৰ গোগামুখ কাৰপুনপুলিৰ পথৰ  দুৰৱস্থাই আজি দীৰ্ঘদিন ধৰি ৰাইজক জ্বলা-কলা খোৱাই আছে৷

বিশেষকৈ গাঁওখনৰ দুই নং পথটো যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ উক্ত পথটো গোগামুখৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত৷ কিয়নো উক্ত পথেদি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুখ মহাবিদ্যালয়, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গোগামুখ জ্ঞানজ্যোতি একাডেমী, গোগামুখ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আদিলৈ নিতৌ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱা কৰে৷ আনকি গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয় আৰু গোগামুখ নগৰলৈ বজাৰ-সমাৰ কৰিবলৈও নিতৌ শ শ ৰাইজে অহা-যোৱা কৰে৷

কিন্তু উক্ত পথচোৱা জৰাজীৰ্ণ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰাত ভীষণ সমস্যা দেখা দিয়াৰ লগতে চিকিৎসালয় আৰু বজাৰ-সমাৰৰ বাবেও সাধাৰণ ৰাইজ অহা-যোৱা কৰাত যমৰ যাতনা ভোগ কৰিবলগা হৈছে৷

পথটোত বহুবাৰ দুৰ্ঘটনাও সংঘটিত হৈছে৷ কাৰপুনপুলিৰ দুই নং পথৰ ৰাইজে পথটো মেৰামতি কৰিবলৈ স্থানীয় মন্ত্ৰী-বিধায়কক বাৰে বাৰে অনুৰোধ জনাই অহাৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু পঞ্চায়তক দাবী কৰি আহিছে৷ কিন্তু কোনো এগৰাকী মন্ত্ৰী-বিধায়ক কোনো গুৰুত্ব নিদিয়াৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু পঞ্চায়ত কাৰ্যালয়ৰ পৰা ৰাইজে কোনো সঁহাৰি নাপালে৷

এনে পৰিপ্ৰেক্ষিতত কাৰপুনপুলি গাঁৱৰ দুুই পথৰ ৰাইজে নিজে পথটো গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিবলগা হয় ৷ পথ নিৰ্মাণৰ নেতৃত্ব লোৱা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক পূণ্যেশ্বৰ দলে, শিক্ষক পদ্ম শৰ্মা, নীলিমা গগৈ, ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ বিনেশ্বৰ পাতিৰে জনোৱা মতে কাৰপুনপুলিৰ দুই নং পথৰ ৰাইজৰ আলোচনা মৰ্মে পূঁজিৰ বাবে প্ৰতি বছৰে বিহু মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷

প্ৰতিকী ছবি

বিহু দলৰ সভানেত্ৰী হিচাপে ইভা দলে আৰু সম্পাদিকা হিচাপে অঞ্জলি বড়িক দায়িত্ব দিয়া হৈছিল ৷ বিগত দুবছৰ ধৰি  বিহু গোৱা টকাৰে পথটো মেৰামতি কৰা হৈছে ৷ পথ মেৰামতিত এতিয়ালৈকে ব্যয় হৈছে প্ৰায় ৩৫ হাজাৰ টকা ৷ পথটোত শিল-বালি পৰ্যন্ত পেলাব লগা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়াৰ লগতে ৰাইজে হাতে-কামে কামত নধৰা হ’লে আৰু অধিক ধন ব্যয় হ’লহেঁতেন বুলি তেওঁলোকে জানিবলৈ দিয়ে৷

কাৰপুনপুলি গাঁৱৰ দুই নং পথৰ ৰাইজৰ এই এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে আৰু উন্নয়নৰ ফুলজাৰি মাৰি থকা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ৷

Leave A Reply