Breaking

নগাঁৱৰ ব্যবসায়ীৰ প্ৰসংশনীয় পদক্ষেপ।

0 2,024

 নগাঁও জিলাৰ এগৰাকী ব্যবসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ গছৰ তলত পেলাই থোৱা বিশ্বকৰ্মা , গনেশৰ মূৰ্ত্তি নিজা প্ৰচেষ্টাৰে উঠাই নি কলং নৈত বিসৰ্জন দি এক প্ৰসংশনীয় কাম কৰিছে। নগাঁও চহৰৰ হয়বৰগাও তেলীয়া পট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে কেবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ একে কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে হৈ যোৱা বিশ্বকৰ্মা আৰু গনেশ পূজাৰ পিছত বিভিন্ন পূজা সমিতি সমূহে গছৰ তলত বা আন ঠাইত মূৰ্ত্তি সমূহ পেলাই থৈ যায়। যাৰ বাবে চহৰখনৰ পৰিবেশ ম্লান হৈ পৰে। ব্যবসায়ী বিনোদ খেটাৱতে তেওঁৰ কৰ্মচাৰীৰ সহযোগত এই মূৰ্ত্তি সমূহ উঠাই আনি কলং নৈত বিসৰ্জন দিয়ে।

Leave A Reply