Breaking

শিৱসাগৰৰ সমাজকৰ্মী ৰফিকুল হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপ

0 74

পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰত এটিয়া ভক্তৰ ভিৰ। একে পৰিবেশ যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত । প্ৰতি বছৰৰ দৰে এইবাৰো ঢেকীয়াখোৱা বৰ নামঘৰত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তই।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰলৈ অহা ভক্ত সকলক অকণমান সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰতিবছৰে আগবাঢ়ি আহে শিৱসাগৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ৰফিকুল হাজৰিকা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পবিত্ৰ ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰলৈ অহা প্ৰতিগৰাকী ভক্তৰ সুবিধা হোৱাকৈ নিজৰ গাঁঠিৰ ধন ভাঙি ৰফিকুল হাজৰিকাই সেৱাৰ মনোভাৱেৰে আগবঢ়ায় আহিছে এমুঠি অন্ন ।সমাজকৰ্মী ৰফিকুল হাজৰিকাৰ এই পদক্ষেপক নামঘৰ পৰিচালনা সমিতিৰ লগতে প্ৰশংসা কৰিছে ভক্ত‌প্ৰান ৰাইজে।

Leave A Reply