আলোপতিৰ একাংশ উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ,গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে ৰাজপথ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিত একাংশ উদীয়মান যুৱকৰ প্ৰশসংনীয় পদক্ষেপ, চৰকাৰ কিম্বা জনপ্ৰতিনিধি ল’ই বাট নাচাই হাতে হাতে কোৰ-বস্তা লৈ পথ মেৰামতি কৰিলে অঞ্চলটোৰ একাংশ উদীয়মান যুৱকে। বাঘবৰ সমষ্টিৰ চহৰাঞ্চলৰ আলোপতি মাজৰচৰ বজাৰৰ পৰা আলোপতি স্বাস্থ্য কেন্দ্ৰ হৈ বাঘমাৰা বজাৰলৈ যোৱা মূল পথচোৱা দীৰ্ঘদিনৰে পৰা অতি শোচনীয় হৈ পৰিছিল। এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছিল পথচোৱা, পুখুৰীৰ ৰূপ লোৱা পথত পোহনীয়া হাঁহ বোৰহে কৰিছিল জলকেলি। ৰাইজে যাতায়াতৰ বিপৰ্যয়ৰ কথা বাৰম্বাৰ পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিধায়ক শ্বেৰমান আলী আহমেদক অৱগত কৰিছিল যদিও বিধায়ক গৰাকী কিম্বা পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। উপায়বিহীন হৈ ৰাইজ গাঠিৰ ধন খৰছ কৰি অঞ্চলটোৰ একাংশ উদীয়মান যুৱকে পথচোৱা মেৰামতি কৰাৰ বাবে ওলাই আহিল। ভাড়াতীয়া টেক্টৰেৰে পুখুৰী সদৃশ জলমগ্ন সদাব্যস্ত পথচোৱা মাটি কঢ়িয়াই আনি পেলালে যুৱক সকলে। হাতে হাতে কোৰ লৈ একাংশ যুৱকে মাটি কাট যাতায়তৰ বাবে সুপম কৰিলে সদাব্যস্ত পথচোৱা। এতিয়া প্ৰশ্ন হয় ৰাইজৰ দুখ দুৰ্দশা দেখি বিধায়ক কিম্বা চৰকাৰে আগলৈ ভাবিবনে পথটি উন্নত কৰিবলৈ সেয়া সময়েহে হব লক্ষণীয়।

Related Articles