Breaking

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

0 103

ডিৰাক

সীমান্তসমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। দেশত ল’ক ডাউনৰ ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়বোৰ।ছাত্ৰ-ছাত্ৰীসকল যাতে অধ্যয়নৰ পৰা আঁতৰি নাযায় বৰঞ্চ পঢ়াৰ প্ৰতি আগ্ৰহী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত বুধবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুমেচাই গাঁৱৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীক বহী আৰু কলম প্ৰদান কৰে৷ লগতে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি আৰু পঢ়াৰ ক্ষেত্ৰত কেনেদৰে  মনোযোগ দিব লাগে তাৰ বিষয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয় সহকাৰী শিক্ষক দেবেন চেতিয়াই অৱগত কৰে৷ সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটি আঁত ধৰে সদৌ মৰাণ ছাত্ৰ-সন্থা, ডিৰাক আঞ্চলিক সমিতিৰ সভাপতি চৌবিক মৰাণে। অনুষ্ঠানটিত উপস্থিত থাকে বৃন্দাবন মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বীপেন গোহাঁই, সহকিৰী শিক্ষক অতিষ্ঠ দহোতীয়া,  গোর্খা ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম ছেত্ৰী৷

Leave A Reply