Breaking

ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই…

0 143

পুনৰ এবাৰ ৰাজ্যবাসী তথা ৰাজ্যৰ ক্ৰীড়া জগতক গৌৰৱান্বিত কৰি তুলিছে বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী অসমৰ তাৰকা লন বল খেলুৱৈ নয়নমণি শইকীয়াই।

বাৰ্মিংহামত ইতিহাস ৰচি কমনৱেলথত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হোৱা গোলাঘাটৰ নয়নমণি শইকীয়াই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা গ্ৰহণ কৰে সন্মানীয় অৰ্জুন বঁটা।

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত লন বলৰ মহিলাৰ শাখাত স্বৰ্ণ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল। খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নয়নমণিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত লনবলক কেৰিয়াৰ হিচাপে বাচি লৈছিল।

নয়নমণি শইকীয়া সন্মানীয় অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোঁহায়ে অৰ্জুন বঁটা লাভ কৰিছিল। অৰ্জুন বঁটাৰ লগতে আজি ২০২২ বৰ্ষৰ দেশৰ অন্য সন্মানীয় ক্ৰীড়া বঁটাসমূহো প্ৰদান কৰা হয়। নয়নমণিসহ দেশৰ ২৫ গৰাকী খেলুৱৈক চলিত বৰ্ষত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে।

আনহাতে দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা গ্ৰহণ কৰে কিংবদন্তী টেবুল টেনিছ খেলুৱৈ অচন্ত শৰথ কমলে। উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত তাৰকাগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।

Leave A Reply