Breaking

ক’ৰণা মহামাৰীক লৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ।

0 614

এগৰাকী জনপ্ৰতিনিধি । যি গৰাকী জনপ্ৰতিনিধিয়ে সকলো সময়তে সংবাদ শিৰোনাম দখল কৰি আহিছে । কিন্তু জনপ্ৰতিনিধি জনৰ ভাল গুণ বা ভাল কামৰ বাবে নহয় ।তেঁও একমাত্র সংবাদ শিৰোনাম দখল কৰিছে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বাবেহে । লক্ষ্য তেওঁৰ উন্নয়ন নহয়, তেওৰ লক্ষ্য একমাত্র বিভাজন আৰু সমাজ বিদ্বেষ ।এইজন ধিঙৰ বিধায়ক আমিনুল ইছলাম ।

ক’ৰণা মহামাৰীয়ে সমগ্র দেশৰ লগতে সমগ্ৰ বিশ্বত সংহাৰ মূৰ্তী ধাৰণ কৰাৰ পাছত লক্ষজনে নিজৰ প্ৰাণ দিবলগীয়া হৈছে । তাৰ পৰা পৰিত্তাণ পোৱা নাই সংবাদ মাধ্যমৰ কৰ্মী তথা সাংবাদিকেও । কিন্তু এই সাংবাদিক সকলক লৈয়ো মৃত্যুৰ পিছতো নিকৃষ্ট সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ এৰা নাই ধিঙৰ বিধায়ক আমিনুল ইছলামে । ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় এংকৰ ৰোহীত ছৰধানাকে আদি কৰি অসমৰো তিনি গৰাকীকৈ সাংবাদিকে ক’ৰুণাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । আৰু ইয়াৰ পিছতেই যোৱাকালি চছিয়েল মেডিয়া যোগে এইজন নিকৃষ্ট বিধায়কে প্ৰকাশ কৰিছে যে ” তীব্র মুছলিম বিদ্বেহী, পৰশ্ৰীকাতৰ, হিংসুক প্ৰকৃতিৰ একাংশ নেতা, সাংবাদিক, এংকৰে যোৱা বছৰটোত ক’ৰুণা বাহকৰ মিছা অভিযোগেৰে তৱলিক জামাতী, আলিম ওলামাক অকথ্য গালি-গালাজ পাৰাৰ ফলশ্রুতিতেই এজন এজন কৈ কৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা দেখা গৈছে । এই মন্তব্য প্ৰকাশ কৰিছে বিধায়িক জনৰ নিজৰ ফেচবুক পেইজত । ফেচবুকত এই পোষ্টটো দিয়াৰ পিছতেই বৰষুণ পৰাৰ দৰেই আমিনুলক তীব্র সমালোচনা আৰু গালি-গালাজেৰে থকা সৰকা কৰে বহুজনে । কিয়নো ইছলাম ধৰ্ম মতে মৃত্যুৰ পিছত কোনো ব্যক্তিক সমালোচনা কৰা বা হিংসা মূলক বক্তব্য কৰাটো সম্পূৰ্ণ ইছলাম বিৰোধী । তেনে ক্ষেত্ৰত এগৰাকী ধৰ্মগুৰুৰ পুত্র তথা হাজী আমিনুলে অকল মৃত সাংবাদিক, নেতাকে নহয় তেঁও ইছলাম ধৰ্মকো বিপথে পৰিচালিত কৰিছে । এই মন্তব্য প্ৰকাশ পোৱাৰ লগে লগেই ইছলাম ধৰ্মৰ একাংশ লোকৰ লগতে সমাজৰ সচেতন ব্যক্তি সকলে তীব্র গৰিহণা দিয়াৰ লগতে আগন্তক দিনত এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে । এয়াৰ পূৰ্বেও বিগত বৰ্ষতো এই মহামাৰী কৰোনাক লৈ কৰা বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰঙা ঘৰৰ ভাত খাৱ লগা হৈছিল এইগৰাকী বিধায়কে ।

Leave A Reply