পাঠ্যপুথিগত শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক সাংস্কৃতিক শিক্ষা দিয়াৰ বাবে জনগোষ্ঠীয় উৎসৱৰ আয়োজন।ৰাতিপুৱা ৯ বজাত পঞ্চগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতলেৱে পতাকা উত্তোলন, ২নং পঞ্চগাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিষ্ণু দিগম্বৰ ৰায়ে স্মৃতি তৰ্পনেৰে জনগোষ্ঠীয় উৎসৱ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে।বিহুনৃত্য, আধুনিক নৃত্য, বাহ নৃত্য, কোঁচ ৰাজবংশী নৃত্য গীতেৰে মুখৰিত পৰিবেশৰ মাজেৰে অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা।

শোভাযাত্ৰাৰ উপৰিও বৃক্ষৰোপন, শিক্ষাৰ্থী সকলৰ মাজত খেল ধেমালী নৃত্য গীতো অনুষ্ঠিত হয়।সাংস্কৃতিক অনুষ্ঠানত ভালেকেইটা জনগোষ্ঠীয় নৃত্য ও প্ৰদৰ্শন কৰে অনুষ্ঠানটোত অংশ লোৱা ৮খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।পঞ্চগাঁও মণ্ডল সমল কেন্দ্ৰৰ সম্বন্বয়ক শৈলেন তালুকদাৰৰ অনুপস্থিতিত ২নং পঞ্চগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ্মলোচন বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত হয় এই অনুষ্ঠান।
বিয়লী আব্দুল মতলেৱ সেখৰ সভাপতিত্বত অনুষ্ঠিত মুকলী ও বঁটা বিতৰণী সভাত উপস্থিত থাকে জিলা আঁচনি বিষয়া কৰেন বৰ্মন,গৌতম ঠাকুৰীয়াৰ লগতে আন ভালেসংখ্যক গুণী মানি ব্যক্তি।

