Breaking

বজালতলি পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীৰ বিৰুদ্ধে মইমতালি আৰু গুণ্ডাগিৰিৰ অভিযোগ

0 553

তিনিচুকীয়া জিলাৰ বজালতলি গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীৰ বিৰুদ্ধে মইমতালি আৰু কাৰ্যালয়ৰ ভিতৰত গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰুবুল গোঁহাই নামৰ নামৰ ব্যক্তি এজনে চৌধুৰীৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা মতে নখ্ৰৰাই কৈৱৰ্ত গাঁৱৰ ৰুবুল গোঁহায়ে গাঁওখনৰ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ অনুৰোধ লৈ পঞায়ত কাৰ্যালয়লৈ যোৱাত চৌধুৰীয়ে বিগত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগক গাঁওখনৰ এজনো লোকে ভোট নিদিয়াৰ বাবে গাঁওখনৰ কোনো উন্নয়ন নকৰে বুলি উচ্চ বাচ্য কৰে। লগতে তৰ্কা তৰ্কিক হতাহতিলৈ লৈ যায়। কেৱল ইমানেই নহয়, চৌধুৰীয়ে গোঁহাইক জাতত ধৰি গালি পৰাৰ অভিযোগো এজাহাৰত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে বিজেপিৰ পৰা বহিস্কৃত ৰঞ্জিৎ চৌধুৰীয়ে পুনৰ বিজেপিত অন্তৰ্ভুক্ত হ’বৰ বাবে বিভিন্ন কাৰচাজি কৰি হিন্দুত্বৰ কাৰ্ড খেলা বুলি অঞ্চলটোৰ একাংশ লোকে মত পোষণ কৰিছে বুলিও অনানুষ্ঠানিক ভাৱে জানিব পৰা গৈছে। সেইবাবেই এইদৰে প্ৰিয়ংকা নেওগক সমৰ্থন নকৰা চাবুৱা সমষ্টিৰে সেই গাঁওখনৰ উন্নয়ন নকৰো বুলি তেওঁ উল্লেখ কৰাে অভিযোগ। তদুপৰি এই ঘটনা সংঘটিত কৰো চৌধুৰীয়ে ওলোটাই ৰুবুল গোঁহাইৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰিছিল। কিন্তু স্থানীয় ৰাইজৰ মতে চৌধুৰীয়েহে সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে। সচা মিছাৰ উমান আৰক্ষীৰ তদন্তত হে পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave A Reply