Breaking

ফুলেৰ চৰ গাওঁ পঞ্চায়তত কৌটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে অভিযোগ

0 16

দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ফেকামাৰী খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনত থকা ফুলেৰচৰ গাওঁ পঞ্চায়তত বিত্তীয় বছৰ ২০১৮ চনৰ পৰা ২০২১ চনলৈ বিভিন্ন আঁচনিৰ নামত কেইবাকোটি টকাৰ লুণ্ঠনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিয়া বুলি জানিব পৰা গৈছে। অভিযোগ মতে বিত্তীয় বছৰ ২০১৮-১৯ চনত গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ নামত হাটশিঙিমাৰীৰ কৃষি বিভাগৰ কোল্ড ষ্টোৰৰ আৰ্থ ফিলিংগৰ নামত ৯৮ লাখ ৬৪ হাজাৰ ১৬৪ টকা, খাৰুৱাবান্ধা আৰক্ষী চকীৰ চাৰিসীমাৰ পকী ৱাল আৰু আৰ্থ ফিলিংগৰ নামত ৮৬ লাখ ৪৯ হাজাৰ ৫৩১ টকা, হাটশিঙিমাৰী আই বি বি ৰোডৰ পৰা বিললাল হাউজলৈ পথ নিৰ্মাণৰ নামত ৩০ লাখ ৯৩ হাজাৰ ২৬৬ টকা, ফুলেৰচৰ সোনাৰ পাৰা মছজিদ চাৰিআলিৰ পৰা আলাউদ্দিনৰ ঘৰলৈ যোৱা পথ নিৰ্মাণৰ নামত ২৬ লাখ ৩৬ হাজাৰ ৯০৩ টকা বিত্তীয় বছৰ ২০২০- ২১ চনত, ফুলেৰ চৰৰ হবিবুৰ ৰহমানৰ ঘৰৰ পৰা ৰেজাউল হকৰ ঘৰলৈ যোৱা পথৰ নামত ২২ লাখ ১৮ হাজাৰ ৮১৬ টকা বিত্তীয় বছৰ ২০২০ ২১ চনত, হাটশিঙিমাৰীৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পথাৰত আৰ্থ ফিলিংগৰ নামত বিত্তীয় বছৰ ২০১৯ ২০ চনত ৯ লাখ ৯১ হাজাৰ ৯১৬ টকা, সোনাৰপাৰা যোগেশ মেমৰিয়েল এমভি স্কলৰ আৰ্থ ফিলিংগৰ নামত ২০১৮-১৯ চনত ১০ লাখ ১৫ হাজাৰ ৪৩৯ টকা আৰু পঞ্চায়ত খনৰ বিভিন্ন ঠাইত বহু কেইটা পথৰ নামত, আৰ্থ ফিলিংগৰ নামত কেইবা কৌটি টকা বিভাগে আৱণ্টন দিছিল। কিন্তু সেই সময়ৰ খণ্ড উন্নয়ন প্ৰাক্তন বিষয়া মকবুল হোছেইন, ইকবাল হোছেইন, কণিষ্ঠ অভিযন্তা সহ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আবু বক্কাৰ প্ৰধানীয়ে গোপন বুজা বুজি কৰি আৱণ্টিত ধনৰ ১৫% শতাংশ কাম কৰি সিংহ ভাগ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ উপৰিও ১৪ ফাইন্সন আঁচনিৰ নামত পঞ্চায়ত খনত বিভিন্ন পথৰ নামত বহু কৌটি টকা বিভাগে আৱণ্টন দিছিল যদিও চৰকাৰী বিষয়াৰ লগত গোপন বুজা বুজি কৰি বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি নিজৰ খেয়াল খুচি মতে জধে মধে সামান্য কাম কৰি তাতো বহু টকা আত্মসাৎ কৰে বুলি অভিযোগ পএত উল্লেখ। ইপিনে বহু জব কাৰ্ডৰ নামত চৰকাৰী ধন বেংক যোগে কামৰ নামত দিয়া দেখুৱাইছে যদিও আচলতে জব কাৰ্ডৰ হিতাধিকাৰীক ২০০ ৰ পৰা ৫০০ টকাকৈ দি বাকী টকা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে আত্মসাৎ কৰাৰ লগতে বহু জব কাৰ্ড হিতাধিকাৰীৰ হাতত দিয়া নাই। অনতি পলমে উক্ত পঞ্চায়তত কৌটি টকাৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰজমিন তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত বিডিঅ, কণিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা লোৱাৰ বাবে দাবী জনায় ।এতিয়া মুখ্যমন্ত্ৰীয়ে বিয়াগোম দুৰ্ণীতিৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হব ।।

Leave A Reply